সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৬৮


এক এনেকৈ ওৰে বাটটোৱে ককায়ে চেলেং ফালে।
এক এনেকৈ চিনে চিনে আহি ভায়েকে ওচৰ পালে॥
এক এনেকৈ ঘোঁৰা-চহিচে ঘোঁৰা-চোৰ বুলি ধৰি।
এক এনেকৈ মাৰি-কিলাই ঘোঁৰাটো ল'লে কাঢ়ি॥
এক এনেকৈ বামুণৰ ঘৰত গৰুৰ গৰখীয়া হ'লা।
এক এনেকৈ সয়ম্বৰ পাতি ডিঙিত পালে মালা॥
এক এনেকৈ হৰিণা বুলি টেকেলাই আনিছে ধৰি॥”

 সৰু কোঁৱৰৰ ঘৈণীয়েকে বিনাই বিনাই এইখিনি গালতে ৰজাই একে চাবেই উঠি আঁৰ কাপোৰৰ ভিতৰত সোমাল আৰু ভায়েকক দেখি চিনি পাই ডিঙিত গবা মাৰি ধৰিলে। ভনীয়েককো ৰজাই চিনি পাই ডিঙিত ধৰি হুক্ হুককৰে কান্দিবলৈ ধৰিলে। তেতিয়াই ৰজাৰ নৰীয়া ভাল হ'ল। ৰজাই তেতিয়া নগৰত ঢোল পিতাই শুনাই দিলে যে আজিৰ পৰা কোনো মানুহে বিদেশী মানুহক ৰজাৰ ওচৰলৈ ননাকৈ নামাৰিব,নিকিলাব। ভায়েকক কিলাই যি চহিচটোৱে ঘোঁৰাটো কাঢ়ি লৈ গৈছিল তাক ধৰাই আনি চমতাৰে কোবাবলৈ আজ্ঞা দিলে আৰু ভায়েকক উঠি-ৰজা পাতি তেওঁ বহি-ৰজা হ'ল। ভনীয়েককো বৰ মৰম কৰি নিজৰ দোষৰ ক্ষমা মাগিলে।
 ইয়াৰ পিছত দুই ভায়েকে বাপেকৰে সৈতে দেখা কৰিবলৈ বাপেকৰ ৰাজ্যলৈ গ'ল। পুতেকহঁত ৰজা হৈ মহাপয়োভৰেৰে আহিছে শুনি বাপেকে বৰ ৰং পাই সিহঁতক সাদৰি সাদৰি নি ঘৰত সুমালে। মাহীয়েকেও বাহিৰে দেখুৱাই সিহঁতক তেতিয়া মৰম কৰিবলৈ ধৰিলে।
 গধূলি ৰজাই পুতেকহঁতেৰে সৈতে ভাত খাবলৈ বহিল। কিন্তু বৰটো ল'ৰাই বুজিছিল, যে যদিও মাহীয়েকে তেওঁলোকক মুখেৰে মৰম কৰি আদৰ দেখুৱাইছে, আচলতে মাহীয়েকৰ বুকুত সাঁতকুৰা জুই জ্বলিছে। গতিকে মাহীয়েকে তেওঁলোকৰ অনিষ্ট কৰিবলৈ খুব যত্ন কৰিব। সেইদেখি ককায়েকে ভাত খাবলৈ যোৱাৰ আগতে ভায়েকক