পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ ক’লে, “আই, মই এটা ছাগলী হৈ থাকিম, তই মোক বজাৰত বেচিবলৈ নিবি; আৰু কোনোবাই কিনিবলৈ আহিলে তাক মোৰ পঘাডাল নিদি মোক বেচি দিবি। মই তোৰ পাছতে ওলামহি।” মাকে তাৰ এই কথা শুনি “বাৰু” বুলি শলাগি থাকিল। পুতেক ছাগলী এটা হ'ল। পাছদিনা মাকে তাক হাটত বেচিবলৈ লৈ গ'ল। পাছে সেই ৰাক্ষসেই ভেশচন ধৰি আহি ছাগলীটোত বাঁৰীয়ে যিমান বেচ বুলিলে সিমান দি ছাগলীটো লৈ গুচি গ'ল। বাঁৰীয়ে ঘৰ পালত বাঁৰীৰ পিছতে পুতেক আহি ওলালহি। সি পাছদিনা আকৌ এটা ৰাজহাঁহ হৈ থাকিল। মাকে তাক বেচিবলৈ টোম এটাত ভৰাই লৈ গ'ল। সেই ৰাক্ষসেই বাঁৰীৰ ল’ৰাক খাবলৈ বুলি আন এটা মানুহ হৈ আহি ৰাজহাঁহটো কিনিলে। এইবাৰো মাকে টোমটো নিদি ৰাখিলে। হাঁহ বেচি মাক ঘৰ পালেহি, সিও পিছে পিছে ঘৰ ওলালহি৷ ৰাক্ষসৰ মনত মহা খং উঠিল আৰু “এইবাৰ কিনিব পাৰিলে তাক যিহতে আনে বা যিহৰে ধৰি বেচিবলৈ আনে সেই বস্তুটো নিদিওঁ” বুলি সি ঠিক কৰিলে। এইবাৰ বাঁৰীৰ পুতেক ঘোঁৰা এটা হৈ থাকিল। মাতে তাক ধৰি লৈ সেই নগৰৰ বজাৰত বেচিবলৈ লৈ গ'ল। ৰাক্ষসেও সিফালৰ পৰা আহি ঘোঁৰাৰ গৰাকিয়নীয়ে যিমান দাম ক’লৈ সিমান দামকে দি ঘোঁৰাই-লেকামে লৈ গুচি গ'ল। বাঁৰীয়ে কত ক’লে লেকামডাল তাইক সি ওভোতাই দিবলৈ, কিন্তু সি নিদি লৈ গুচি গ'ল। ৰাক্ষসে সেই নগৰৰ নদী এখনৰ কাষতে কোনো এটা ঘাটত ঘোঁৰাটো খাবলৈ মনতে ঠিক কৰিলে। তেতিয়া ভৰ দুপৰীয়া। ঘোঁৰাটোৱে এবাৰ চল পাই ৰাক্ষসৰ হাতৰপৰা এৰাই পানীত পৰি মাছ এটা হ'ল। ৰাক্ষসে তাক শিহু এটা হৈ খেদি নিবলৈ ধৰিলে। সেই সময়ত ৰজাৰ জীয়েকে গা ধুবলৈ সেই নৈলৈকে আহিছিল। ৰজাৰ জীয়েকে গা ধোওঁতে অলঙ্কাৰ-পাতিবোৰ সোলোকাই এটা বাটিত থৈছিল। বাঁৰীৰ ল'ৰাই পট্‌কৰে মণি এটা হৈ সেই ৰজাৰ জীয়েকৰ অলঙ্কাৰৰ লগত মিহলি হৈ গ'ল। ৰজাৰ জীয়েকে গা ধুই উঠি সেই মণিটো দেখি সেইটো ক’ৰপৰা তালৈ আহিল, কি কথা, কি বতৰা ইত্যাদি ভাবি-চিন্তি ঠিক