সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০৪

(2)

 “এঘৰ গিৰিহঁতৰ এটা চোকা কুকুৰ আছিল, জানিছা আঁচল। এদিন কেইটামান চোৰ আহি সেই মানুহ-ঘৰৰ বস্তু-বাহানি এটাইবিলাক চুৰ কৰি লৈ গ'ল, জানিছা আঁচল! পাছে কুকুৰে ইয়াকে দেখি ভউ— ভউ কৰি ভুকিবলৈ ধৰিলে। গিৰিহঁত কোনেও সাৰ নেপালে। চোৰে বস্তুবোৰ চোঁচোৰাই বগৰাই নি বাঁহৰ তল পোৱালেগৈ। তেনেতে কুকুৰে সিহঁতৰ হাতে-ভৰিয়ে কামুৰিবলৈ ধৰিলে, জানিছা আঁচল! আৰু চোৰে তৎ নেপাই বস্তুবোৰ এৰি গুচি গ'ল। পাছদিনা গিৰিহঁতে সাৰ পাই পেৰা- পেটায়ে সৈতে বস্তুবোৰ নোহোৱা দেখি বিচুত্তি হ'ল। ইটো সিটো কৰি অনেক মানুহ গোট খালেহি। সকলোৱে বস্তু চুৰিৰ বিষয় গলাগোপা কৰিবলৈ লাগি গ'ল। ইফালে কুকুৰটোৱে ঘনে ঘনে গিৰিহঁতৰ মুখলৈ চাই বাঁহতলৰ ফালে লৰি গৈ ভৌ-ভৌৱাবলৈ ধৰিলে। গিৰিহঁতৰ খং উঠি ‘উঃ কটা তই এতিয়া মোৰ মুখলৈ চাই ভৌ-ভৌৱাবলৈ আহিছ? ৰাতি চোৰ আহোঁতে কি কৰিছিলি?' বুলি এডাল টাঙোনেৰে মাৰ মাৰি মাৰি পেলালে। তাৰ পাছত এজনী মানুহে বোলে, ‘হেৰা কুকুৰটোৱে নো বাঁহৰ তলৰ ফালে কিয় লৰি গৈছিল চোৱাচোন' বুলি কোৱাত গিৰিহঁতজন গৈ বাঁহৰ তলত থিয় হ'ল, আৰু তাতে তেওঁৰ বস্তু পেটাৰিয়ে সৈতে সকলোবিলাক ওলাল। গিৰিহঁতে উপকাৰী কুকুৰৰ নিমিত্তে কান্দিবলৈ ধৰিলে, জানিছা আঁচল।” আঁচলতে পৰি থকা মাখিটোৱে “বোঁ” কৰিলে।

 এনেসময়তে নিমাতী কন্যাৰ এটা হামি আহিল। মাখিটো কন্যাৰ মুখত সোমাই পেট পালেগৈ। কোঁৱৰে আৰু এটা সাধু আৰম্ভ কৰিলে; আৰু এইবাৰ কন্যাকে সম্বোধন কৰি ক'বলৈ ধৰিলে।

(৩)

 “এক সদাগৰ আছিল। তেওঁৰ এটা সুন্দৰ মৰমৰ মইনা চৰাই আছিল, জানিছা কন্যা। এদিন সদাগৰ বেপাৰ কৰিবলৈ গ'ল। মইনাক ঘৰৰ গৰাকী পাতি চাকৰ বাকৰক মইনাৰ হুকুমমতে চলিবলৈ তেওঁ কৈ