পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ল’ৰাই পণ্ডিতক ৰাক্ষস বুলি চিনিবলৈ আৰু বাকী নাথাকিল। সি দিনৌ পণ্ডিত ঘৰলৈ উভতি অহাৰ আগেয়েই লৰালৰিকৈ সেই পুথিবোৰ পঢ়ে আৰু পণ্ডিতে চিন ধৰিব নোৱাৰাকৈ আকৌ আগৰদৰে পেৰাতে থৈ দিয়ে। এইদৰে পঢ়ি সি সেই বিদ্যাত খুব কাটন হৈ পৰিল। পণ্ডিতে কিন্তু এই কথাৰ গমকে ধৰিব পৰা নাছিল। এদিন পণ্ডিতে ল’ৰাবিলাকক তেওঁৰ ঘৰ দেখুৱাবলৈ নিবলৈ ইচ্ছা কৰি মাতিলত সকলোবোৰে মাক- বাপেকহঁতক কৈ যি যি পাৰিলে শক্তি অনুসৰি ভাৰ-ভেটি বান্ধি লৈ পণ্ডিতৰ ঘৰলৈ যাবলৈ ওলাল। সিহঁত ওলোৱা দেখি পণ্ডিতৰ আনন্দৰ সীমা নোহোৱা হ'ল আৰু মনে মনে ভাবিবলৈ ধৰিলে “ইহঁতক নি জ্ঞাতি-কুটুমেৰে সৈতে ভোজ ৰান্ধি খামগৈ৷” ইয়াকে ভাবি পণ্ডিতে ছাতৰবোৰেৰে সৈতে তেওঁৰ ঘৰলৈ খোজ ল'লে। কিছুমান বেলিৰ বাট যোৱাৰ পাছত তেওঁলোকে গৈ এখন নৈ পালেগৈ। নৈ দেখি ল’ৰাবিলাকে “কেনেকৈ পাৰ হ’ম?” বুলি যেতিয়া পণ্ডিতক সুধিলে, পণ্ডিতে ক’লে, “তাৰ উপায় আছে, বাৰু তহঁতে চকু মুদহঁক। এটাই মোৰ গাত ধৰ, আন এটাই তাৰ গাত ধৰ, এইদৰে এটাইবিলাকে ইটোৰ গাত সিটোৱে ধৰাধৰিকৈ মোৰ পাছে পাছে আহি থাকহঁক আৰু যেতিয়ালৈকে মই তহঁতক চকু মেল নোবোলো তেতিয়ালৈকে চকু নেমেলিবিহঁক; যদিহে মেল তেনেহ'লে এই পানীতে ৰবিহঁক।” পণ্ডিত আগ বাঢ়িল। পণ্ডিতৰ গাত বাঁৰীৰ ল'ৰাই ধৰিলে, তাৰ গাত আন এটা ল'ৰাই ধৰিলে, সেইটোৰ গাত আন এটা ল'ৰাই ধৰিলে, আৰু বাকীবিলাকেও সেইদৰে এটাৰ গাত আনটোৱে ধৰি লানি লাগি পৰিল। সকলোৱে চকু মুদিলে কিন্তু বাঁৰীৰ ল’ৰাই চকু নুমুদিলে। সি পণ্ডিতে নো কি কৰে তাকে চাই থাকিল। পণ্ডিতে দুটা চুঙা উলিয়ালে; উলিয়াই প্ৰথমটো চুঙাৰে শোহা-মাৰি নদীখন শুহি পেলাই সিপাৰ হ'লগৈ আৰু দ্বিতীয়টো চুঙাৰে ফু-মাৰি আকৌ আগৰদৰে নৈখন কৰি পেলালে। তাৰ পিছত সিহঁতক চকু মেলিবলৈ কৈ আকৌ আগৰদৰে পণ্ডিত যাবলৈ ধৰিলে। কিছুদূৰ বাট যোৱাৰ পাছত সিহঁতে আকৌ এখন নৈ পালেগৈ। এইখনো আগৰদৰে পণ্ডিতে সিহঁতক পাৰ কৰিলে। কিন্তু এইবাৰ পণ্ডিতে চুঙা দুটা বালিতে পুতি থৈ তাৰ পিছতহে সিহঁতক চকু