সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
 

বামুণক সুধিলে, “তেখেতেনো ইয়াৰ এটা উপায় নিদিলে নে?” বামুণে ক’লে, “এটা উপায় দিছে, যদি আপুনি কৰিব পাৰে। কিন্তু বৰ টান কাম।” বুঢ়াই ক’লৈ, “কৰিম কোৱা।” বামুণে ক’লে— “তেওঁ ক’লৈ, যদি বুঢ়াই বোৱাৰীয়েকক কটাই পেলাব পাৰে, তেনেহ'লে ঘৰখন ৰক্ষা পৰিব, নহ'লে সৰ্বনাশ।” এই কথা শুনি বুঢ়াই ভালেখিনিপৰ টলকা মাৰি থাকি, মনতে অনেক কথা গপি-গুণি থাকি মাত লগালে, “কি কৰিম, ঘৰখন ৰক্ষা কৰাটোৱেই হে মোৰ উচিত। এটাৰ লগতে ঘৰে ঘৰোৱাহ যোৱাতো উচিত নহয়। ঘৰে ঘৰোৱাহৰ নিমিত্তে লাগিলে এটা যোৱাটোৱেই ভাল।” এইবুলি বুঢ়াই পুতেকহঁতক মতাই আনি পুৰোহিত বামুণে দেখা সপোনৰ কথা ক'লে। বাপেকৰ কথা শুনি পুতেকহঁতেও অনেক ভাবি-চিন্তি সৰু বোৱাৰীয়েকক কটাই ঘৰখন ৰক্ষা কৰাটোকেই থিৰ কৰিলে; আৰু সেই কামৰ ভাৰ সিহঁতে সৰু বোৱাৰীয়েকৰ গিৰীয়েক সৰু ভায়েকৰ হাতত দিলে। বুঢ়াৰ সৰু পুতেকটো বৰ হোজা আৰু বাপেক আৰু ককায়েকহঁতৰ বাধ্য আছিল। সেইদেখি সি আপোন হাতেৰে ঘৈণীয়েকক কাটিবলৈ মান্তি হ'ল।

 বুঢ়াৰ সৰু পুতেকে ঘৈণীয়েকক কাটিবলৈ, তাই নেদেখাকৈ দিনতে দা এখন ধৰাই শোৱাপাটীৰ গাৰুৰ তলত থৈ দিলে। ৰাতি খাই- বৈ গিৰীয়েক-ঘৈণীয়েক পাটীত শুলে। ঘৈণীয়েকৰ টোপনি আহিল। গিৰীয়েকে ৰাতি দুপৰত উঠি লাহেকৈ গাৰুৰ তলৰ পৰা দাখন উলিয়াই লৈ ঘৈণীয়েকৰ ডিঙিত কোব মাৰি দিব খোজোঁতেই, শোৱনি ঘৰটোৱে মাত লগালে— “হে হে নাকাটিবা! হে হে নাকাটিবা! হে হে নাকাটিবা!” তিনিবাৰ ঘৰটোৱে এইদৰে মাতিলত গিৰীয়েকে আচৰিত হৈ ঘৈণীয়েকক নাকাটি, দাখন গাৰুৰ তলতে আকৌ সুমুৱাই থৈ শুই থাকিল।

 ৰাতি তিনিপৰমানত আকৌ টোপনি ভাগিল। সি আকৌ লাহেকৈ উঠি দাখন লৈ টোপনিত লালকাল ঘৈণীয়েকৰ ডিঙিত কোব