পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰখিবলৈ হুকুম দিলে। ফেঁচু বগৰী ৰখিবলৈ লাগিল। এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জনদিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে। মানুহকিটাই বগৰীগছত উঠি আদখিনিমান পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকিটা ফুটাই দিলে। মানুহকিটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু ক’লে, “মোক এইটো আজি গধূলিকৈ ভাজি দিব লাগিব।” ৰজা আকৌ চিকাৰলৈ গ'লত, তেওঁৰ ঘৈণীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে; তাকে দেখি ফেঁচুটোৱেও লাহেকৈ মাত লগালে, “বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ।” এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকোলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগতে বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোল হ’ল, তেতিয়া সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেউজনী বিবুধি হৈ, চুক-ভেকুলি এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিছে, এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক'লে, “হেৰ ৰজা, কালি তই মোক খাব নোৱাৰিলি; খালি ভেকুলি ভজা।” ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেউজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰ কেজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই-বৈ থাকিল৷