সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
 

পঠালে। সেই ৰজাৰ ওচৰলৈকো মানুহ আহিছিল। ৰজাই নোমলকে ৰজা পাতিবলৈ লেখি পঠালে। তেতিয়া সকলোৱে নোমলক দুইজনা কুঁৱৰীৰে নি সেই ৰাজ্যৰ সিংহাসনত বহুৱাই আঁঠু ল'লে।

 ইপিনে ৰুদাই-ডাবহী, নোমল-সোণপাহী ঘৰৰপৰা ওলাই যাবৰেপৰা জলকা লাগিল; বন কৰিবলৈ নালাগে সিহঁতে খাবলৈকে পাহৰা হ'ল। ক্ৰমে ঘৰত নানা অমঙ্গল হ'বলৈ ধৰিলে; আজি কাৰো নৰীয়া, কালি গৰুটি, পশুই ম’হটি, এইদৰে মৰিবলৈ ধৰিলে আৰু দিনকদিনে বিপদৰ উপৰি বিপদ হৈ ঘৰখন লাং-লাং-ঠাং-ঠাং হ'ল। শেহত ৰুদাই ডাবহীয়ে মাগিব লগাত পৰিল। পাছে ইটোৰ মুখে সিটোৰ মুখে সিহঁতে শুনিবলৈ পালে যে দেশত নতুন ৰজা হৈছে আৰু তেওঁৰ বৰকুঁৱৰীয়ে দুখীয়াক বৰকৈ পুতৌ কৰি দান-দক্ষিণা দিয়ে। তেতিয়া ৰুদায়ে পাঁচোটা পুতেকেৰে সৈতে অতি দুখীয়াভাৱে ৰজাৰ সিংহদুৱাৰত থিয় হৈ নিজৰ দুখ-বেজাৰৰ কথা ৰাণীলৈ কৈ পঠিয়ালে। ৰাণীয়ে ওপৰ-মহলাৰ পৰা শহুৰেক আৰু বৰজনাকহঁতক দেখিয়েই চিনি পালে আৰু লিগিৰী পঠিয়াই মতাই নি সিহঁতক বাহিৰঘৰ এটাত ঢাৰি-কঠ দি বহুৱাবলৈ ক'লে। তাৰ পাছত তামোল-পাণ কাটি ৰূপৰ বটাত দি সিহঁতলৈ পঠালে। ৰুদাইৰ ভয়ত তত নাই, কিবা জগৰহে লগালোঁ ভাবি। তাৰ পাছত সিহঁতক হাত-মুখ খুবলৈ পানী দি জলপান খাবলৈ ভিতৰলৈ মাতিলে। ৰুদায়ে ল'ৰাকেটাৰ ফালে চাই ক'লে, “বোপাহঁত! আৰু সৰহ বেলি নাই, জলপান নহয়, মূৰ কটাৰহে ব্যৱস্থা। দুখীয়া মগনিয়াৰক কোনে সোধ-পোছ কৰে? আগৰ বুঢ়ালোকে কৈছিল বোলে কটাৰ আগেয়েহে ৰজাঘৰত খুৱাই-বুৱাই লয়। পলাবৰো উপায় নাই। একেবাৰে টোলৰ ভিতৰত সুমাই লৈছে।” যিহক, মৰণত শৰণ দি কোনোমতে সিহঁতে জলপান খালে। তাৰ পাছত কুঁৱৰীয়ে কৈ পঠালে যে গধূলি সিহঁতে ভাত এসাজ খাই ৰজাঘৰতে শুই থাকিব লাগিব; ভাত সোণপাহীয়ে নিজে ৰান্ধিছে। মাইহেঙত মান অনুসৰি ভাত বাঢ়ি থৈ ৰুদাই আৰু পুতেকহঁতক ৰাণীয়ে গা ধুবলৈ পঠিয়ালে। গা-ধুই পাতৰ ধূতি-কাপোৰ পিন্ধিবলৈ দিয়াত সিহঁতৰ গাত থৰ-জুগুতি নোহোৱা হ'ল।