সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
 

কথাও গিৰিহঁতে চোৰকে কৈছে যেন ভাবি, লুকাবৰ মনেৰে চোৰ ওচৰতে এজোপা লাও গছৰ মাজত সোমালগৈ। ইপিনে বামুণে পঞ্চম আৰু ষষ্ঠফাকি “শ্লোক” মাতি ঘৈণীয়েকক শুনালে— “লাও ফুলং ফুলাঃ।” “পেট-গাধৰি বাপু কলৈ যোৱাঃ।” পেট-গাধৰি বামুণ চোৰে সেই কথা শুনি তাৰ আচল মানে বুজিব নোৱাৰি, ধৰা পৰিলো বুলি ভাবি, লাওৰ মাজৰ পৰা ওলাই চোতাললৈ আহি বামুণক মাত লগালে— “যি হ’ল হ’ল, এই কথা আৰু কাৰো আগত নকবি বোপাই। বাহিৰত পেট গাধৰিৰ মাত শুনি গিৰিয়েকে ওলাই আহি তাৰ হাত দুখনত ধৰি পেলালে। বামুণীয়ে চোৰক ক'লে, “যদি কাকো ক’ব নেলাগে, তেন্তে তোমাৰ ঘৰৰ লোটা, বাটি, কাঁহী, কলহ, বয়-বস্তুবোৰ আমাক দিয়া।” পেট-গাধৰিয়ে এই কথাটো উলিয়ালে তাৰ সৰ্বনাশ হ’ব জানি গোসাঁইৰ শপত খাই ক’লে যে, কাইলৈ পুৱাই সি তাৰ বয়-বস্তুবোৰ বামুণ-বামুণীক আনি দি যাবহি, সিহঁতে যেন সেই কথা কাৰো আগত নুলিয়ায়। এই কথা বামুণ-বামুণী মান্তি হৈ পেট-গাধৰিক এৰি দিলে।

 পিছদিনা পেট-গাধৰিয়ে তাৰ বয়-বস্তু সোপাকে আনি বামুণ-বামুণীক দিলে আৰু তাৰ পিছত দুয়ো চহকী হৈ মহাসুখে খাই-বৈ থাকিল।


একাদশ সাধু

ককা।— “বাপু অ’, ওচৰ চাপি আহ; আজি তোক এটা সাধু ক’ম,তাৰ নাম অবুজ ৰজাৰ বিবুজ মন্ত্ৰী। তই মোৰ পিঠিত হাত দি পকা ঘামচিবোৰ মাৰি দেচোন। চাবি, যিবোৰত নখ দিলে পুট্ পুট কৰি উঠিব সেইবোৰকহে মাৰিবি, কেঁচাবোৰত নখ নিদিবি।”
নাতি।— “ককাদেউতা, তুমি ভয় নকৰিবা, মই ঘামচি মাৰিব জানো। তুমি অবুজ বিবুজ সাধু কোৱা; পলম নকৰিবা; মই শুনিবলৈ উত্ৰাৱল হৈ পৰিছোঁ।”