সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৮

কণা আৰু কুজা

 এখন গাঁৱত এটা কণা আৰু কুঁজা মানুহ আছিল। দুইৰো বৰ মিল আছিল এদিন কণাই কুজাক কলে, বান্ধ, আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ বলা; ঘৰত বহি থাকি থাকি মিছাতে কাল কটাই হে আছোঁহঁক।” এই কথা শুনি কুঁজাই ক'লে,“ এ বান্ধ, তুমি নো এনেবোৰ গছত গৰু-উঠা হোলোঙাৰে কাণ-বিন্ধোৱা কথা ক'বলৈ শিকিলা কেতিয়াৰপৰা দেও হে? ম‍ই হলোঁ কুঁজা, তুমি হ’লা কণা। মই জানিবা কোনোমতে কুঁজা-কুঁজিকৈ ইফাল-সিফালে যাওঁৱেই, তুমি এখোজ কাঢ়িবলৈকে চকুৰে নেদেখা। এনে থলত আমি বিদেশলৈ গৈ ধন ঘটিমহঁক? ভাল কথা কৈছা দেও হে।” কুঁজাৰ কথা শুনি কণাই হাঁহি ক’লে, “বান্ধ, তুমি নো ভয় খাইছা কেলৈ? তাৰ বুধি আছে। মইতোমাক কান্ধত তুলি লৈ যাম, তুমি মোক বাট দেখুৱাই যাবা। মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিন্তা কিহৰ? তাৰ উপৰি মোৰ বুধি নথকাও নহয়।” কণাৰ কথাটো কুঁজাৰ মনত খাই গ'ল। কুঁজাই মাত লগালে— “ভাল কথা, বান্ধ, আহাঁ আমি ওলাই যাওঁহঁক; আমাৰ নো কপালত কি কি আছে এবাৰ তাকে খেপিয়াই-জেপিয়াই চাওঁহঁকেইচোন; ঘৰতে বহি বহি আমি শুদাতে ভেকুৰী বুঢ়া হে হৈছোঁহঁক।”

 ইয়াৰ পিচদিনা পুৱাই কণাৰ কান্ধত কুঁজা উঠিল, আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে। এইদৰে দুয়ো গৈ থাকোতে বাটতে পৰি থকা এডাল দীঘল ফই কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, “বান্ধ, এডাল বৰ দীঘল লেজু বাটতে পৰি আছে ল'ম নে?” কণাই উত্তৰ দিলে, “লৈ থোৱা বান্ধ, সিও এসময়ত উপকাৰ দিব পাৰে।” কণাৰ কথা শুনি কুঁজাই কণাৰ কান্ধৰপৰা নামি লেজুডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল। এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এমলা চূণ পৰি থকা দেখি কুঁজাই কণাক কলত,কণাই চূণ-মলাও লৈ থবলৈ কলত, তাকো তুলি ল'লে। এইদৰে সিহঁত গৈ আছে, এনেতে পথাৰৰ