সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
 

 সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে এঠাইত ৰাতি পুৱাল। ভায়েকে ককায়েকক ক'লে, “ককাইদেউ মোৰ বৰ পিয়াহ লাগিছে, ইয়াত ক'ৰবাত পানী পায় নে চোৱাচোন। পিয়াহত মোৰ অণ্ঠ-কণ্ঠ শুকাই নিছে; এটোপা পানী নাখালে মই আৰু যাবই নোৱাৰোঁ।” ককায়েকে গছ এজোপাৰ ওপৰত উঠি চাৰিওফালে চাই অলপ দূৰত এখন নৈ দেখা পালে। তেতিয়া সি গছৰপৰা নামি আহি, ভায়েকক তাতে থাকিবলৈ কৈ পানী আনিবলৈ গ'ল।

 ককায়েকে গৈ নৈৰ কাষ পাওঁতেই দেখিলে যে বাটতে শুকুলী হাতী এজনী শুই আছে। সি হাতীজনীক ক'লে, “হেৰ’ উঠ! মোক বাট এৰি দে! মোৰ ভাইটিৰ বৰ পিয়াহ লাগিছে, বেগতে ম‍ই পানীএটোপা আনি তাক খাবলৈ দিওঁ৷” শুকুলী হাতীজনীয়ে উত্তৰ দিলে, “কত বাটৰুৱা মানুহ মোৰ ওপৰেদিয়েই ডেই গৈছে, তুমিও যোৱাঁ, তুমি নো গ'লে কি হ'ল? মই উঠিব নোৱাৰোঁ, মোৰ বৰ ভাগৰ লাগিছে দেখি শুই আছোঁ।” হাতীৰ কথা শুনি ৰজাৰ বৰটো ল'ৰাই আগ-গুৰি নাভাবি হাতীজনী ডেই যাবলৈ বুলি তাইৰ পিঠিত ভৰি দিলতে হাতীজনীয়ে তাক পিঠিত লৈ থিয় হ'ল আৰু লৰি যাবলৈ ধৰিলে। বৰ কোঁৱৰে তাক পিঠিৰ পৰা নমাই দিবলৈ হাতীজনীক ক'লে হে ক'লে, তথাপি হাতীয়ে ননমাই তাক লৈ গুচি গ'ল৷

 সেই দেশৰ ৰজাজন দুদিনমানৰ আগেয়েই হঠাৎ ঢুকাইছিল। ৰজা অপুত্ৰক আছিল দেখি ৰাজপাটত বহিবলৈ কোনো নথকা বাবে পাত্ৰ - মন্ত্ৰী সভাসদসকলে ভাল চাই ৰজাৰ ল'ৰা এজন বিচাৰি চাৰিওফালে মানুহ পঠিয়াইছিল। ৰজাৰ শুকুলী হাতীয়েও ৰজাৰ ল'ৰা বিচাৰি আহি সেইদৰে বাটতে পৰি আছিল। সেইদেখি তাই এই সৰ্বসুলক্ষণীয়া ৰজাৰ ল'ৰাটি দেখি পিঠিত তুলি লৈ গুচি গ'ল।

 বৰকোঁৱৰে যেতিয়া দেখিলে যে হাতীজনীয়ে তাৰ কাকূতি- মিনতি একোলৈকে কাণ নিদি তাক লৈ গৈছে, নিৰুপায় হৈ তাৰ গাৰ চেলেং কাপোৰখন ডোখৰ ডোখৰকৈ ফালি তাৰে একোডোখৰ বাটে