পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কথাটো শুনি আমন-জিমনকৈ বহি থকা দেখি ফেঁচাই মাত লগালে— “পিতাই, তুমি বেজাৰ নকৰিবা। ইয়াৰ উপায় আছে, মই কওঁ শুনা। তুমি ধান আনিবৰ সময়ত ডাঙৰকৈ ডাঙৰি নাবান্ধি মাথোন ভাৰখনত ইফালে এটা মুঠি সিফালে এটা মুঠিৰ ডাঙৰি বান্ধি দিবা। দেৱতাসকলৰ কথা অথলে নাযায়। আমি মুঠিটোতেই ভগাদোনৰ এদোন এদোন ধান পাম।” বাপেকে ফেঁচাৰ কথা শলাগি-শুলাগি থাকি সময়ত ধান দাই, ফেঁচাই কোৱামতে কৰি এটাইখিনি ধান চপালে। ধান মাৰিবৰ সময়ত বাপেকে ফেঁচাৰ বুধিমতে, এটা মুঠি মাৰে, মাৰি, তাৰপৰা সৰা ধানখিনিৰ তলত এটা ডুল পাতি থৈ তলি–ফুটা ভগাদোন এটাৰে সেই ধানবোৰ জোখে। ডুলিটো নভৰেমানে দোণটোও নভৰে। ইপিনে দেৱতাৰ বাইক আছে মুঠিটোৱেপতি ভগাদোনেৰে এদোন ধান হ’ব লাগে, নহ'লে তেওঁলোকৰ বাইক অথলে যায়। সেইদেখি প্ৰতি মুঠিটোতে এডুলি এডুলি ধান হ’বলৈ ধৰিলে। শাঁখিনাৰ এনে চক্ৰান্ত দেখি দেৱতাসকল খঙত একোনাই হ’ল। তেওঁলোকে একো উপায় নাপাই শাঁখিনা শাঁখিনীক মাৰিবৰ মনেৰে আলচ পাতি যম ৰজাৰ ক’লেগৈ। যম ৰজাই বোলে, “এনেটো নো অন্যায় কথা দেৱতসকলে তেওঁক কৰিবলৈ ক’ব পায় নে? সিহতৰ আয়ুস থকাত মই সিহঁতক মাৰিম কেনেকৈ?” দেৱতাবিলাকে আঁকোৰ- গজালিকৈ লাগি লাগি যমক আমনি কৰি থকা দেখি, অন্তত যমে ক'লে, “বাৰু মই আজি ৰাতি ঘোঁৰা এটা হৈ শাঁখিনাৰ ধানবোৰ খাই পেলামগৈ।” দেৱতাসকলে যমৰ কথা শুনি “ভাল, ভাল, তাকে কৰক” বুল সন্তোষ প্ৰকাশ কৰি গুচি গ'ল। ফেঁচাই এই কথা শুনি বেগাই উৰি আহি বাপেকক ক’লেহি, “পিতাই, আজি যম ৰজাই ঘোঁৰাৰ ৰূপ ধৰি আহি আমাৰ ধানবোৰ খাই পেলাব খুজিছে। আপুনি ভঁৰালৰ দুৱাৰখন মেলি থ’ব, আৰু লেকাম এডালেৰে সৈতে চেকনি এডাল লৈ মনে মনে দুৱাৰ চুকত লুকাই থাকিব। যমে ঘোঁৰা হৈ যেতিয়াই ধান খাবলৈ লাগিব, তেতিয়াই আপুনি ঘপ্‌কৰে ওলাই তাৰ মুখত লেকামডাল লগাই, জাঁপ মাৰি তাৰ পিঠিত উঠি ঢাপলি মেলিব।”