পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিনিজন ডেকা পণ্ডিত উজনি ফালৰ তিনিজন ডেকাই নবদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল। বাটে বাটে আহি থাকোতে তেওঁলোকে এদিন ম'হৰ খোজ এটা দেখা পালে। এজনে ক’লে, “এইটো এজনী মাইকী ম'হৰ খোজ”; আন এজনে ক’লে, “ম’হজনী গাভিনী”; তৃতীয়জনে মাত লগালে “মহজনীয়ে এইমাত্ৰ মতা পোৱালী এটা প্ৰসৱ কৰিছে।” তেওঁলোকৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে তিনিওজনে ম'হৰ খোজে খোজে গৈ ম'হজনী পাই দেখিলে যে সকলো সঁচা। এই ম'হজনী এজন ৰজাৰ৷ তিনিদিনমানৰ আগৰে পৰা ম'হজনী হেৰাইছিল। ৰজাই ম'হ বিচাৰিবৰ নিমিত্তে কেইটামান মানুহ পঠাই দিছিল। মানুহকেইটাই বিচাৰি আহি হেৰোৱা ম'হজনী আঁতৰৰপৰা দেখি তাইৰ ওচৰ চাপিল আৰু তিনিজন মানুহে ম’হজনী বেঢ়ি থকা দেখি মহৈ সৈতে তেওঁলোকক চোৰ বুলি ধৰি লৈ গ'ল। সিহঁতে ম'হজনী খুটিত বান্ধি তেওঁলোক তিনিওকো ম’হ-চোৰ বুলি ৰজাৰ আগত দিলেগৈ। ৰজাই সোধপোেছ নোহোৱাকৈয়ে তেওঁলোকক বন্দীশালত থবলৈ আদেশ দিলে। বন্দীশালত থাকোতে তিনিওজনে এইদৰে কথা- বাৰ্তা হ’বলৈ লাগিল : প্ৰথমজনে ক'লে, “হেৰা, ই নহয় সি হে।” দ্বিতীয়জনে “কিয়, সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়?” তৃতীয়জনে মাত লগালে “তেনে সি কৰা নাই নো কি?” বন্দীশালৰ ৰখীয়াবিলাকে এই কথা শুনি থাকি ৰজাক লগাই দিলেগৈ। ৰজাই তেওঁলোকক মতাই নি সুধিলে “তোমালোকে বন্দীশালত থাকোঁতে ‘ই নহয় সি হে’, ‘সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়,’ ‘তেনে কৰা নাই নো কি?' বুলি কি কৈছিলাহঁক মোৰ আগত ভাঙি ক'ব লাগে, নহ'লে তোমালোকৰ মূৰ কটা যাব।” ৰজাৰ এনেকুৱা কথা শুনি তেওঁবিলাকে ভাবিলে, আমি এনেও মৰিম তেনেও মৰিম, হেনজানি সকলো কথা ভাঙি কোৱাই যাওক। প্ৰথমজনে ক’বলৈ ধৰিলে,