পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৈতে কোঁৱৰৰ ঘোঁৰাত উঠি ঘোৰা চেকুৰাই গুচি গ'ল। কিছুমান বাট গৈ কন্যাই তাৰ গাৰ দুৰ্গন্ধ পালে আৰু মুখলৈ চাই সি ৰাজকোঁৱৰ নহয় বুলি জানিব পাৰিলে। তাৰ পাছত কন্যাই ভাবি-চিন্তি তাক ক’লে, “মোৰ বৰ পিয়াহ লাগিছে; যেনেতেনে অলপ পানী আনি দিয়া।” সি কন্যাৰ সঁচাসঁচিকৈয়ে পিয়াহ লাগিছে বুলি ভাবি, কন্যাক ঘোঁৰাৰ ওপৰতে ৰাখি, ওচৰৰ এখন নৈৰপৰা পানী আনিবলৈ গ'ল। ইফালে কন্যাই মুনিহৰ দৰে সাজ পিন্ধি ঘোঁৰা চেকুৰাই দিলে। সেইদিনা কন্যা গৈ এখন নতুন ৰাজ্যত ওলালগৈ আৰু সেই ৰাজ্যত তেওঁৰ নাম বাহুবল বুলি চিনাকি দিলে। সেই ৰাজ্যত এটা বৰ ভয়ানক ৰাক্ষস আছিল। সেই ৰাক্ষসে ৰাজ্যত বহুত উপদ্ৰৱ কৰি মানুহৰ সুখ-শান্তি নাইকিয়া কৰিছিল; ৰাজ্যৰ মানুহবিলাকে বাহুবলক সেই ৰাক্ষস মাৰিব পাৰিব নে নোৱাৰে এই কথা সোধাত তেওঁ অনায়াসে পাৰিব বুলি ক'লে। ৰাইজে এই কথা ৰজাত জনালেগৈ। ৰজাই আনন্দ পাই ৰাক্ষস মাৰিব পাৰিলে বাহুবলক তেওঁৰ নিজৰ কন্যা আৰু অৰ্দ্ধৰাজ্য দিব বুলি প্ৰতিজ্ঞা কৰিলে। বাহুবলে এডাল ডাঙৰ শূল গঢ়াবলৈ ৰজাক ক’লে। ৰজাই দুদিনৰ ভিতৰতে শূলডাল গঢ়োৱাই দিলে। বাহুবলে মৰণলৈ ভয় এৰি সেই শূল লৈ ভৰ দুপৰৰ সময়ত ৰাক্ষস মাৰিবলৈ গ'ল; কাৰণ ৰাক্ষসে ৰাতি মানুহ-গৰু আদি খাই দুপৰীয়া ধোবাং-জুৰি এজোপা ডাঙৰ বৰ-গছৰ তলত শুই থাকে। বাহুবলে দেখিলে যে ৰাক্ষসৰ বৰ টোপনি। হাতত-সাৰে, ভৰিত-সাৰে লাহে লাহে তেওঁ ওচৰ চাপি গৈ ৰাক্ষসৰ মেল খাই থকা মুখত শূলডাল ঠাহি ভৰাই দিলে। ৰাক্ষসে ডেডাউৰি মাৰি তৎক্ষণাৎ মৰি থাকিল। ৰাক্ষসৰ ডেডাউৰি শুনি বাহুবলক খালে বুলি সকলোৱে অনুমান কৰিছিল; কিন্তু যেতিয়া ৰাক্ষস মাৰি তেওঁ ওলালহি তেতিয়া সকলোৱে দেখি তেওঁক নানান প্ৰশংসা কৰিবলৈ ধৰিলে৷ ৰজাই তেওঁৰ প্ৰতিজ্ঞামতে বাহুবলক কন্যা দান কৰিবলৈ ধৰিলত, বাহুবলে কিছুদিনৰ পাছতহে বিয়া কৰাব বুলি ক’লে আৰু ৰজাৰ পদূলিতে এতিয়া এটা ঘৰ সজাই দিয়াবলৈ মাথোন ৰজাক খাটিলে। ৰজাই আনন্দেৰে বাহুবলক পদূলিতে এটা সুন্দৰ ঘৰ সজাই দিয়ালে। বাহ্বলে সেই ঘৰতে বহি দিনে-ৰাতিয়ে অহা-যোৱা