সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১২৪

শুনিছিলোঁ, সেই মানুহজনৰ ৰাগ দেখোন আজি আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পালোঁ। সিদিনাখনৰ ৰাগৰে সৈতে দেখোন আপোনাৰ মাত নিমিলে?”

 মন্ত্ৰীৰ ল'ৰাই কোনো ৰকমে ৰজাৰ জীয়েকৰ কথাত সাৰিব নোৱাৰি শেহত সকলো কথা সৈ কাঢ়ি তেওঁক ভাঙি ক'লে। সেই কথা শুনি ৰজাৰ জীয়েকৰ মনত বৰ অসন্তোষ লাগিল। মন্ত্ৰীৰ ল'ৰাই ৰজাৰ জীয়েকৰ অসন্তোষ দেখি তেওঁক অসন্তোষ কৰিবলৈ হাক দিলে আৰু তেওঁৰ সকলো দুখ-বেজাৰ গুচাব বুলি প্ৰতিজ্ঞা কৰিলে।

 পাছদিনা ৰাতিপুৱাতে মন্ত্ৰীৰ ল'ৰাই শোৱাপাটীৰপৰা উঠি হাত- মুখ ধুই পোতাশালত ৰাগ দিয়া মানুহজননো তেওঁৰ সখিয়েক হয় নে নহয় চাবলৈ গ'ল। গৈ দেখে যে সেইজন তেওঁৰ সখিয়েকজনেই হয়। মন্ত্ৰীৰ পুতেকে তাৰপৰা উভতি আহি বাহিৰে বাহিৰে শহুৰেকৰ ওচৰলৈ গ'ল আৰু শহুৰেকক নমস্কাৰ কৰি তেওঁক এটা লগুৱা লাগে বুলি ক'লে। ৰজাই জোঁৱায়েকৰ কথা শুনি, “কোনটো মানুহ তোমাক লাগে নিয়া” বুলি কোৱাত মন্ত্ৰীৰ ল'ৰাই “এটা পোতাশালৰ বন্দীহে মোক লাগে” বুলি ক'লে। তেতিয়া ৰজাই পোতাশালৰ গৰাকীজনক মতাই আনি জোঁৱায়েকক লগত দি ক'লে, “এওঁ যিজন বন্দী আনিব খোজে সেইজনকে মোকোলাই দিবা।” ৰজাৰ আদেশমতে পোতাশাললৈ গৈ মন্ত্ৰীৰ ল'ৰাই সখিয়েকক পোতাশালৰপৰা মোকলাই ঘৰলৈ লৈ আহিল।

 ঘৰ পাই ৰজাৰ ল'ৰাৰ মুখৰপৰা তেওঁলোকে তেওঁৰ দুখৰ কথা শুনি তিনিওজনে কান্দিবলৈ ধৰিলে। তাৰ পিছত তেওঁলোকৰ কথা- বতৰা শেষ কৰি ৰজাৰ জীয়েকে ভাত-পানীৰ দিহা কৰিলে আৰু তিনিওজনে খাই-বৈ উঠিল।

 এতিয়া মন্ত্ৰীৰ ল'ৰাই ৰজাৰ পুতেকৰ লগত ৰজাৰ জীয়েকৰ তিৰী-মুনিহৰ সম্বন্ধ লগাই দি সখিয়েকৰ শত্ৰু সাউদক এশিকা দি সখিয়েকৰ প্ৰতিশোধ ল'বলৈ তেওঁলোকৰ ওচৰত বিদায় লৈ ওলাই গ'ল।