সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১২৬

ৰখা আৰু থকাৰ ঠিক কৰিলে।

 পাছদিনা ৰাতিপুৱা সকলো মানুহ উঠিল। সাউদে আন আন চাকৰৰ লগত পেট-ভাতুকো বন কৰাবলৈ লৈ গ'ল। পেট-ভাতুৱে ইমান উৎসাহেৰে বন কৰিবলৈ ধৰিলে যে, সাউদৰ আন চাকৰবিলাকে তাক কোনো বনতে বলে নোৱাৰা হ'ল। আন চাকৰবিলাকক গৰাকীয়ে বন পাচিলেহে কৰে, কিন্তু পেট-ভাতুৰ হ'লে সেইটো নহয়, গৰাকীয়ে নাপাচিলেও সি নিজৰ দিহামতে কামবোৰ কৰিবলৈ ধৰিলে। তাৰ বন দেখি সাউদৰ মনত বৰ ৰং লাগিল। শেহত সাউদে তাক আন চাকৰবিলাকৰ ওপৰত মুখিয়াল পাতি দিলে। পেট-ভাতুৱে আৰু দুগুণ উছাহেৰে কাম কৰিবলৈ ধৰিলে। সি চাকৰহঁতক যে থান-থিতি নিদিয়েই নিজেও বন কৰাত আগতকৈও বেছিকৈ কোবাল হ'ল। তাৰ বন আৰু উছাহ দেখি সাউদৰ পেট-ভাতুহে পেট-ভাতু হ'ল। গোটেইখন ঘৰতে সাউদে পেট-ভাতুক সঁপি দিলে। সাউদে নিজে কিবা কৰিব লাগিলেও পেট-ভাতুক নোসোধাকৈ নকৰাত পৰিল। আন কি পেট-ভাতুৱে সাউদৰ ঘৈণীয়েকক ভাত ৰান্ধিবলৈ শিকাবও লগাত পৰিল। যিদিনা ভাত ৰান্ধোতে পেট-ভাতু নাথাকে সেইদিনা সাউদৰ ভাত-আঞ্জাৰ জুতিয়েই নালাগে।

 এইদৰে কেইদিনমান আছে, এদিন সাউদে পেট-ভাতুক ওচৰলৈ মাতি নি ক’লে, “বোপা, মই কাইলৈ বেপাৰলৈ যাম; তুমি ঘৰখন ভালকৈ চাবা। বিশেষকৈ বাৰীখন চিকুণাই ৰাখিবা, যেন তাত ফু মাৰি ভাত খাব পৰা হয়। মই ঘূৰি আহি কোৱা কথাৰ লৰচৰ দেখিব নালাগে।” পেট-ভাতুৱে সাউদৰ কথা শুনি “ভাল দেউতা” বুলি শলাগি থ'লে।

 পাছদিনা ৰাতিপুৱাতে সাউদ নাৱত উঠি বেপাৰলৈ গল। ইফালে পেট-ভাতুৱে বাৰী চিকুণুৱা কামত ধুমধাম লগালে। চাকৰ লগাই দি বাৰীত যি শ‍ইচ-সাৰ আছিল সকলোবোৰ কটাই নৈত উটাই দিবলৈ ধৰিলে। ঘৰৰ মানুহে সেইবাবে তাক কিবা ক'লে সিহে আকৌ সিহঁতক ডাবি দি উঠে। পেট-ভাতু আগৰপৰাই সাউদৰ বিশ্বাসী চাকৰ, কিজানি সাউদে তাক সেইদৰেই কৰাবলৈ কৈ গৈছে, এইবুলি ঘৰৰ আন মানুহে ও