পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অবুজ ৰজাৰ বিবুজ মন্ত্ৰী এক ৰজা আছিল এদিন তেওঁৰ ওচৰৰ আন এজন ৰজাই মানুহ এটাৰ হাতত চিঠি এখন দি তেওঁলৈ এই কথাকেইটা সুধি তাৰ উত্তৰ খুজি পঠিয়ালে— “অবুজ ৰজা কোন? আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন? ভালৰ বেয়া, বেয়াৰ ভাল আৰু ৰজাৰ দুৱাৰৰ কুকুৰ কোন?” এওঁ ৰজাতো চিঠি পঢ়ি অবাক! এওঁ ভাবি নাপালে— ৰজা যদি অবুজ হ’ল, মন্ত্ৰীনো বিবুজ হ’ব কেনেকৈ? আৰু ভালৰ নো বেয়া হ'ব কেনেকৈ? বেয়াৰেই বা ভাল হ’ব কেনেকৈ? যি বেয়া বেয়াই; যি ভাল ভালেই। ৰজাই ভাবি-চিন্তি একো নেপাই মন্ত্ৰীক সুধিলে। মন্ত্ৰীয়ে ক'লে, “মহাৰাজ, আপুনি কিছুদিনৰ সময় লওক; পিছত সেই সময়ৰ ভিতৰত কিবা এটা কৰিব লাগিব।” ৰজাই সেই কথামতেই এবছৰৰ সময় লৈ তাৰ ভিতৰতে উত্তৰ দিম বুলি চিঠি অনা মানুহটোক বিদায় দিলে। এইদৰে কিছুদিন আছে, সময়ো লাহে লাহে যাব লাগিছে। এদিন ৰজাৰ হঠাৎ সেই চিঠিৰ আৰু প্ৰশ্নৰ কথা মনত পৰাত তেওঁ মন্ত্ৰীক সুধিলে- “মন্ত্ৰী, আজি ইমান দিন হ’ল, ক’তা দেখোন অমুক ৰজাই লিখা প্ৰশ্নকেইটাৰ উত্তৰ আজিলৈকে নিদিলা?” এই কথাত মন্ত্ৰীয়ে ক'লে, “মহাৰাজ! তেনেহ’লে মোক কিছুদিনৰ নিমিত্তে বিদায় দিব লাগে। এই সময়ৰ ভিতৰত মই যেনেতেনে মতে প্ৰশ্নকেইটাৰ উত্তৰ দিম।” ৰজাই ক’লে, “বাৰু তোমাক যিমান দিনৰ আৱশ্যক বিদায় দিলোঁ; এতিয়া যাতে মই লাজত নপৰো তাৰ দিহা কৰা।” মন্ত্ৰীয়ে “ভাল মহাৰাজ, তাৰ নিমিত্তে কোনো চিন্তা নাই, এতিয়া মই আহিলোঁহে” এইবুলি ঘৰলৈ গ’ল। তাৰ পিছদিনা মন্ত্ৰীয়ে খাই-বৈ ভেশচন কৰি, সেই ওচৰ-চুবুৰীয়া ৰজাৰ নগৰৰ ফালে খোজ ল'লে। এইদৰে ক্ৰমান্বয়ে কেইবাদিনো গৈ মন্ত্ৰী সেই ৰজাৰ নগৰ পালেগৈ, কিন্তু গধূলি হোৱা গতিকে নগৰৰ ভিতৰলৈ নোসোমাই ৰাতিটো বাহিৰতে আন কোনো ঠাইত থাকি