পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১ তোমাকো এই সভাৰ এজন সভাসদ পাতিলোঁ।” এই কথাত মন্ত্ৰীয়ে ৰজাক সেৱা কৰি সেইদিনাৰ পৰা ৰাজসভাৰ সভাসদ হৈ থাকিল। এইদৰে তাত থাকোতে থাকোঁতে ৰজাই তেওঁৰ কথা-বতৰা শুনি আৰু কাম-কাজ দেখি তেওঁৰ ওচৰত বৰ সদয় হ’ল আৰু লগে লগে তেৱোঁ খোপে খোপে উধাবলৈ ধৰিলে। এইদৰে অলপ দিনৰ ভিতৰতে তেওঁ ডেকা-মন্ত্ৰীৰ বাব পালে। সেই কামো এনে সুন্দৰৰূপে চলাবলৈ ধৰিলে যে ৰজাই তেওঁৰ কাম-কাজবিলাকত মোহ গৈ শেহত তেওঁৰ একেজনী ছোৱালীকে তেওঁলৈ বিয়া দি ওচৰতে সুন্দৰৰূপে তেওঁৰ ঘৰ-বাৰী কৰাই দিয়ালে। এইদৰে কিছুদিন যোৱাৰ পিছত এদিন ৰজাৰ কোঁৱৰে ডেকা- মন্ত্ৰীক অৰ্থাৎ তেওঁৰ বৈনায়েকক ক’লে যে তেওঁলোক দুয়ো এদিন মৃগয়ালৈ যাবৰ মন কৰিছে; তেওঁৰ মত কি? মন্ত্ৰীয়ে কোঁৱৰৰ কথাত মত দিলত, পিছদিনাই দুয়ো মৃগয়ালৈ যাবলৈ ওলাল। দুয়ো দুটা ঘোঁৰা লৈ হাবিৰ ফাললৈ গ'ল। হাবিয়ে হাবিয়ে গোটেই দিন দুয়ো ঘূৰি ঘূৰি দুয়োৰো ভিতৰত আবেলি পৰত এটা পহু মাৰিলে। কিন্তু পহুটো আনে কেনেকৈ? লগত মানুহ বা হাতী নাই; কাজেই দুয়ো কথা-বতৰা হৈ থিৰ কৰিলে যে পহুৰ মূৰটোকে কাটি লৈ যোৱা যাওঁক। সেইমতেই পহুৰ মূৰটো কাটি কাপোৰেৰে ভালকৈ বান্ধি মন্ত্ৰীয়ে ঘোঁৰাৰ পিঠিত তুলি লৈ ঘৰৰ ফালে আহিবলৈ ধৰিলে। সেই বাটেদি আহোঁতে আকৌ ৰজাৰ কোঁৱৰৰ শহুৰেকৰ ঘৰ পায়। গধূলি হোৱা দেখি শহুৰেকৰ ঘৰৰ ওচৰ পাই ৰজাৰ কোঁৱৰে মন্ত্ৰীক ক’লে, “মই আজি ৰাতি ইয়াতে থাকো, কাইলৈ ৰাতিপুৱাতে ঘৰলৈ যাম, আপুনি যাওক।” এইবুলি ৰজাৰ কোঁৱৰ শহুৰেকৰ ঘৰত সোমাল আৰু মন্ত্ৰী নিজৰ বাহৰৰ ফালে যাবলৈ ধৰিলে। ঠিক গধূলি পৰত মন্ত্ৰীয়ে ঘৰ পায়েই সেই পহুৰ মূৰটো সেইদৰে বান্ধেৰেই, ভিতৰৰ শোৱা কোঠালীলৈ হাতত ওলোমাই লৈ গৈ তাতে সেইটো থৈ ঘৈণীয়েকক সুধিলে, “চিপৰাংখন ক’ত আছে?” ঘৈণীয়েক তধা লাগিল। দিনৰ দিনটোৰ মূৰত এই ৰাতি ওলাইছেহি, তাতো একেষাৰ কথা-বতৰা নাই, আহিয়েই বোলে চিপৰাংখন দে। ইয়াৰ নো