পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০ যোৱা বাটৰ দুয়ো শাৰীয়ে মণিৰাজ, যুতি, তগৰ, বকুল, থলপদ্ম, গুটিমালী আৰু শেৱালি প্ৰভৃতি ফুল ৰমক-জমক কৰি ফুলি আছিল। সেই সুন্দৰ ফুলনিৰ মাজত ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলক কোঁৱৰে দেৱকন্যাৰ দৰে দেখি বৰ বিমোহিত হৈছিল। সেই ফুলনিৰ এটা মণিৰাজ ফুলৰ পাতত কোঁৱৰে তেওঁৰ সকলো বৃত্তান্ত লিখি ৰাজকন্যাই দেখাকৈ থৈ আহিল। তাৰ পাছত কোঁৱৰে কি উপায়েৰে কন্যা লাভ কৰিব এই চিন্তাত লাগি গ'ল আৰু অৱশেষত মালিনীৰ ঘৰত আশ্ৰয় লৈ কাৰ্য সিদ্ধিৰ উপায় চিন্তিবলৈ ধৰিলে। ইফালে ৰাজকন্যাই সখীসকলেৰে সৈতে গা ধুই উভতি আহোঁতে কোঁৱৰে লিখি থৈ যোৱা ফুলৰ পাতত তেওঁৰ চকু পৰিল। তাত লিখা সকলোখিনি তেওঁ পঢ়ি চাই কোঁৱৰৰ ৰূপ, গুণ আদি আৰু কোঁৱৰ মালিনীৰ ঘৰত থাকিব বুলি জানিব পাৰিলে। ৰাজকন্যাই সেই ফুলৰ পাত ছিঙি ঘৰলৈ লৈ আহিল। ঘৰত তেওঁ কোঁৱৰৰ নামে এখন পত্ৰ লিখি এটা টেমাত কেইখনমান থুৰিয়া তামোলেৰে সৈতে ভৰাই মালিনীৰ হাতত কোঁৱৰলৈ দি পঠালে। কোঁৱৰে চিঠি পঢ়ি চালে। তাত লিখা আছিল যে, দুদিনৰ পাছত ৰাজকন্যাৰ স্বয়ম্বৰ হ’ব; সেই স্বয়ম্বৰৰ দিনা কোঁৱৰে কন্যা অহা দেখা পালেই সোঁহাত আগবঢ়াই দিব আৰু কন্যাইও তেওঁৰ মূৰতে মালা দিব। কোঁৱৰে চিঠিখন পঢ়ি চাই গাৰুৰ তলত থলে। ৰাতি কোঁৱৰৰ টোপনি আহিলত লগুৱাটোৱে চিঠিখন উলিয়াই চাই আকৌ আগৰ দৰেই গাৰুৰ তলতে সুমুৱাই থলে আৰু সি মনে মনে কোঁৱৰক ঠগি বত্ৰিশ লক্ষণীয়া কন্যাক পাবলৈ ফন্দি পাতিবলৈ ধৰিলে। ৰাজকন্যাৰ স্বয়ম্বৰৰ দিনা লগুৱাটোৱে এটা বুধি সাজি মোহনীভাং আনি ঘোটা কৰিলে। কোঁৱৰৰ বাটিত সি ভাং সৰহকৈ দি নিজে নাম- মাত্ৰ ল'লে। ঘোটা-ভাং খাই কোঁৱৰ অচেতন হৈ পৰি থাকিল। সি কোঁৱৰৰ সাজ পিন্ধি ঘোৰাত উঠি স্বয়ম্বৰৰ ঠাই পালেগৈ। কন্যা সমাজলৈ আহিবৰ পৰ হ’লত সি সোঁহাত আগবঢ়াই দিলে আৰু কন্যায়ো কোঁৱৰ বুলি তাৰে মূৰত মালা দিলে। লগুৱাটোৱে তেতিয়াই কন্যাৰ