পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ তুমিনো ক’ত ইমানবোৰ সোণ-ৰূপ পালা?” বামুণে নিজক গধুৰ কৰি মিচিকিয়াই গহীনকৈ ঘৈণীয়েকক ক’লে— “এতিয়া যাচোন যা, ৰন্ধা- বঢ়া কৰগৈ। জিৰাই-শঁতাই খাই-বৈ লওঁ, তাৰ পিছত শোওঁতে শোৱাপাটীত ক’ম।” এই কথা শুনি বামুণীয়ে আনন্দটো মনৰ চুঙাত হেঁচা মাৰি সুমুৱাই সোপা দি থৈ সোণ-ৰূপবোৰ বুটলি, সামৰি-সুতৰি ভালকৈ থৈ দিলে আৰু তেতিয়াই ততাতৈয়াকৈ গা ধুই ভাত এগাল ৰান্ধিলেগৈ৷ ভাত-পানী খাই উঠি বামুণ-বামুণীয়ে শোৱাপাটীত উঠিলত, বামুণীয়ে গিৰিয়েকক সেই সোণৰূপৰ কথা সুধিলত গিৰিয়েকে ক’বলৈ ধৰিলে। ইফালে বামুণ-বামুণীৰ ওচৰ-চুবুৰীয়া কিৰ্পিণ যক্ষ পেট-গাধৰি নামৰ বামুণজনে, দুখীয়া বামুণটোৱে একেদিনৰ ভিতৰতে ইমানবোৰ সোণ-ৰূপ্ পোৱা দেখি তাৰ শ্ৰী সহিব নোৱাৰি, সেইবোৰ চুৰ কৰি নিবৰ মনেৰে বামুণৰ শোৱনি ঘৰৰ পিৰালিত বহি লাহে লাহে সিন্ধি খানিবলৈ ধৰিছে। বামুণে ঘৈণীয়েকৰ আগত, প্ৰথমতে তেওঁ ৰজাৰ আগত কি শ্লোকফাঁকি মাতিছিল ক'লে— “খুচুৰ-মুচুৰ মাটি খোচৰাঃ।” চোৰে সিন্ধি খান্দি থাকোঁতেই এই কথা শুনি ভাবিলে যে গিৰিহঁতে এই কথা তাকহে কৈছে। ইয়াকে সি ভাবি সিন্ধি খান্দিবলৈ এৰি, পিৰালিত কুঁচি-মুচি বহিল। সিফালে বামুণেও ৰজাৰ আগত কোৱা দ্বিতীয়ফাকি “শ্লোক” ঘৈণীয়েকৰ আগত মাতিলে— “কুচুটি মুচুটি বহি কিং কৰাঃ।” এই কথা চোৰৰ কাণত পৰিলতে সি ভাবিলে, তাক সেইদৰে বহা দেখিহে গিৰিহঁতে সেই কথা কৈছে। সেইদেখি সি তাৰ পৰা উঠি এখুজি-দুখুজিকৈ যাবলৈ ধৰিলে। ইফালে বামুণে ঘৈণীয়েকৰ আগত তৃতীয়ফাকি “শ্লোক” মাতিলে— “এখুজি দুখুজিকৈ ক’লৈ যোৱাঃ।” এইবাৰ চোৰৰ কাণত এইষাৰ পৰিলতে সি ভাবিলে “মই ধৰা পৰিলোঁ।” গিৰিহঁতে তাক ধৰিবলৈ আহিছে যেন ভাবি সি ডিঙি মেলি চাওঁতেই শুনিলে— “ডিঙি মেলিং মেলিং কালৈ চোৱাঃ?” এইষাৰ