চৰাইটো দেখি আৰু তাৰ মাত শুনি তাৰ আগৰ কথা মনত পৰি কোৰৰ
নালত মূৰ দি বেজাৰ কৰিবলৈ ধৰিলত, ৰজাৰ কটোৱালে তাক ধৰি
আনি ৰাজমাওৰ আগত দিলেহি। ৰজাৰ মাকে তাক দেখিয়েই চিনি পাই
তাক ভিতৰলৈ নি ভাত-পানী খুৱাই নিজৰ চিনাকি দি সকলো কথা
কলত, সি আনন্দতে কান্দি পেলালে। ৰজাৰ মাকে তেতিয়া গিৰিয়েকক
ক'লে “মোক কুলক্ষণী বুলি কাটিবলৈ তোমাক লগাই দিয়াসকলৰ
এতিয়া বিচাৰ লোৱাঁ।"
ইয়াৰ পিছত সোণ-বৰিষ উঠি-ৰজা হৈ বাপেকক তেওঁ বহি-ৰজা
পাতিলে; আৰু আগৰ ঘৰত মানুহৰ বিচাৰ-খোচাৰ কৰি ইয়াকে পালে
যে সকলো ধ্বংস হৈ মৰি-হজি ঢুকাল— মাত্ৰ ককায়েক এটা আছে।
বাপেকৰ ককায়েকক সোণবৰিষে অনাই নিজৰ লগতে ভালকৈ ৰাখিলে
আৰু সেই পুৰোহিত বামুণ আৰু গণকক ধৰাই আনি শূলত দিয়ালে।
সপ্তবিংশতি সাধু
বেটুকোঁৱৰ
এজন ৰজা আছিল। তেওঁৰ সাতজনী কুঁৱৰী। কাৰো ল'ৰা-
ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ। ৰজাই অনেক পূজা-
পাতল, অনেক দান-দক্ষিণা কৰিলে, তথাপি তেওঁৰ ল'ৰা-ছোৱালী
একোকে নহ'ল।
এদিন ৰজাই সমাজিক দেখিলে যে তেওঁক এজন বুঢ়া মানুহে
কৈছে, “তুমি কাইলৈ পুৱাই নৈত স্নান কৰি তিতা তিয়নিৰে সাতবাৰ
তমঃ তমঃ বুলি মাতিলে তোমাৰ হাতত ৰঙা টেমা এটা পৰিবহি। সেই