সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
 

তিৰোতাক বিশ্বাসী কথা কোৱা আৰু ৰজাৰ আগত মিছা কোৱাৰ পৰা মোৰ প্ৰাণৰ সংশয় হৈছিল।' এই বুলি সি গোটেইবোৰ কথা ভাঙি ক'লে।

 ৰজাই তবধ লাগি থাকি ন-চহকীক অনেক তিৰস্কাৰ কৰি খেদাই দিলে। কথাবাহী বুঢ়াক মতাই আনি ৰাজসভাৰ মেলুৱাই পাতিলে আৰু পুৰণি-চহকীক বিশ্বাসী ডাঙৰ বিষয় এখন দিলে। আগৰ এলেবাঙক ৰজাঘৰৰ বিশ্বাসী ভিতৰুৱাল বিষয়া পাতিলে।

একবিংশ সাধু

 ককাকক আজি জুহালৰ ওচৰত বহি নমতা-নোবোলাকৈ থকা দেখি নাতিয়েকে ওচৰ চাপি গৈ মাত লগালে, “ককাদেউতা, আজি তোমাৰ কি হ'ল? মোৰ ফালে নোচোৱাই দেখোন?

ককা৷ - “তোৰ ওপৰত মোৰ খং উঠিছে, সেইদেখি।”

নাতি। - "মইনো কি কৰিলো ককাদেউতা?”

ককা। – “তই আৰু কি কৰিবি, দোষ কৰিছ।”

ককা। - "কি দোষ ককাদেউতা?”

ককা। - “বৰ দোষ। তই আজি মাৰৰ বঁটাৰ তামোল কটাৰীখন লৈ গৈ বাঁহৰ কাঠী এডাল চাঁচি কটাৰীখনৰ মুখখন ভোটা কৰিছিলি, মই দেখি আছিলো। পিছে যেতিয়া মাৰে কটাৰীখন কোনে তেনে কৰিলে বুলি যাকে-তাকে সুধিছিল, তই সেই কথা শুনিও সৈ নাকাঢ়ি মনে মনে আছিলি। দোষ সৈ কঢ়াটো ওখ মন আৰু সাহৰ চিনাকি, মানুহ মাত্ৰকেই দায়- জগৰ কৰেই; কিন্তু আগলৈ তেনে নকৰিবলৈ মনতে থিৰাং কৰি খোলা মনেৰে যি সৈ কাঢ়ে সিহে মানুহ। তেনে কৰিলেহে তই সাহিয়াল পুৰুষ হ'ব পাৰিবি, নহ'লে নোৱাৰ।”