সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
 

সঁচা তাতে সোণৰ শলখা এডাল সোমাই আছে। সি তেতিয়াই কমাৰৰ ঘৰলৈ গৈ এডাল লোৰ চেপেনা আনি শলখাডাল টান মাৰি উলিয়ালতে ঘোঁৰাটো সুস্থ হৈ টগবগাবলৈ ধৰিলে। খোৰাই দেখি ৰং পাই মাণিকৰ গছ আনিবলৈ ৰজাৰ ওচৰত মেলানি মাগি, সেই ঘোঁৰাটোতে উঠি ছুটি মেলিলে।

 সিফালে খোৰাৰ ককায়েকহঁত সাগৰেদি গৈ বাটৰ ওৰকে পোৱা নাই; ইফালে খোৰাই বামেদি ঘোঁৰা চেকুৰাই গৈ গৈ তিন দিনৰ মূৰত যমৰজাৰ নগৰ পালেগৈ। তাতে সি দুদিনমান জিৰাবৰ মনেৰে থাকি, যমৰজাৰে সৈতে দেখা-শুনা কৰিলে। যমৰজাই ভালেদিনৰ পৰা জীয়েকলৈ দৰা বিচাৰি ফুৰিছিল, কিন্তু ক’তো সুলক্ষণীয়া দৰা নাপাই মনৰ বেজাৰত চ’ৰাতে মূৰঘূৰাই বহি আছিল। এনেতে খোৰা তেওঁৰ আগত ওলালতে তাক সুলক্ষণীয়া দেখি তালৈকে জীয়েকক বিয়া দিলে। যমে জীয়েকক মৰা-মানুহ জীয়াই লব পৰা বৰ দি জোঁৱায়েকৰ লগত উলিয়াই দিলে; আৰু জোঁৱায়েকে যমৰজাৰ জীয়েকক লগত লৈ যাবলৈ ধৰিলে।

 এইদৰে গৈ থাকোতে খোৰা দিনচেৰেকৰ মূৰত কপৌৰজাৰ নগৰত ওলালগৈ। তাতে জিৰাবৰ মনেৰে সি দিনদিয়েক থাকোঁতে কপৌৰজাই গম পাই তাক মতাই নিয়াই তালৈ নিজৰ জীয়েকক বিয়া আৰু এহাল কপৌ যৌতুক দিলে। কপৌৰজাৰ জীয়েকে কপৌহাল লগত লৈ গিৰিয়েকৰ লগত যাবলৈ ধৰিলে।

 কিছুমান দিনৰ মূৰত খোৰা নাগৰজাৰ দেশত ওলালগৈ। তাতে সি কিছুমান দিন জিৰাই-শঁতাই থাকোতে নাগৰজাৰ চকুত পৰিল। ৰজাই সুলক্ষণীয়া যোগ্য ল'ৰাটো দেখি লৰালৰিকৈ তালৈ জীয়েকক বিয়া দি, এহাল নাগ-নাগিনী যৌতুকত দি পঠাই দিলে।

 নাগৰজাৰ দেশৰ পৰা গৈ গৈ পাঁচ দিনৰ দিনা' খোৰা সৰ্পৰজাৰ দেশত ওলালগৈ। সৰ্পৰজাইও এনেটো ল'ৰা হাতত পাই আদৰ সাদৰ কৰি লৈ গৈ খুৱাই-বুৱাই নিজৰ জীয়েকক তালৈ বিয়া দি এহাল সৰ্প যৌতুক দিলে। সেইজনী ঘৈণীয়েককো লগত লৈ খোৰা যাবলৈ ধৰিলে।