সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
 

কাপোৰখন দেখি ভাবিলে যে শিপিনীজনী কি মাৰাত্মক মাইকী। নোমলে শিপিনীৰ কথা ক'ব নোৱাৰে বুলি কৈছে জানি যুৱৰাজে নাৱৰীয়াক মতাই আনি অলপ বঁটা দি মনে মনে সুধিলতে নাৱৰীয়াই ক'লে যে নোমলৰ ঘৈণীয়েকেই সেই কাপোৰ বৈছে। তেতিয়া যুৱৰাজে তাক ক’লে, “সেই মানুহজনী মোক আনি দিব পাৰিলে তোক উপযুক্ত বঁটা দিম।” নাৱৰীয়াই, সোণপাহীয়ে নোমলক আহিবৰ সময়ত আঙঠি এটা দি যি কথা কৈছিল সেই কথা শুনি আছিল; সেইদেখি সি এতিয়া যুৱৰাজক ক'লে যে, সেই আঙঠিটো নোমলক হাতৰপৰা আনি তাক দিলেই সি সোণপাহীক আনি দিব পাৰিব। ৰজাৰ ল'ৰাই অনেক প্ৰৱন্ধ কৰি নোমলৰ হাতৰপৰা আঙঠি অনাই নাৱৰীয়াক দি সোণপাহীক আনিবলৈ পঠিয়াই দিলে।

 নাৱৰীয়াই গৈ সোণপাহীক আঙঠি দিলত তাই জানিলে যে গিৰিয়েকৰ কিবা হৈছে। এতেকে বুঢ়া-বুঢ়ীৰ ওচৰত বিদায় লৈ তাই নাৱৰীয়াৰ লগত নাৱত উঠি গ'ল। ইপিনে নোমলেও ৰজাৰ নগৰ চাই অঁতাই নাও মেলি দিলে। সোণপাহী গৈ ৰজাৰ নগৰ পালত তাইক যুৱৰজাৰ ওচৰলৈ লৈ যোৱা হ'ল। যুৱৰাজে তাইৰ ৰূপ দেখি মোহ গৈ ক’লে, “হেৰা গাভৰু। তুমি ভিকহুৰ যোগ্য বস্তু নোহোৱা। তুমি ৰজাৰ যোগ্য হে; এতেকে মোৰ লগত মহাসুখে থাকা।” সোণপাহীয়ে তেতিয়া ঠগত পৰিলোঁ বুলি জানি কি কৰিম ক'লৈ যাম লগাই, পিছত ধৈৰ্য ধৰি সতীত্ব ৰাখিবৰ নিমিত্তে ঈশ্বৰৰ চৰণত শৰণ লৈ ক'লে, “যুৱৰাজ! ম‍ই আপোনাৰ বেটীৰ যোগ্যও নহওঁ, তদুপৰি এজনৰ বিবাহিতা তিৰোতা। এতেকে পৰস্ত্ৰীলৈ চকু দিয়া আপোনাৰ উচিত কাম নহয়।” যুৱৰাজে সেইবোৰ যুক্তিলৈ আওকাণ কৰি সোণপাহীক হাতত ধৰি নি নিজৰ কোঠালিত সুমুৱালেগৈ। তেতিয়া সোণপাহীয়ে ধৈৰ্য ধৰি কুহুলিয়াই কুহুলিয়াই তেওঁৰপৰা নোমলৰ কথাবোৰ জানি ল'লে। সোণপাহীয়ে লগত দৰব-জাতি লৈ আহিছিল; তাৰে দৰবৰ তেল যুৱৰাজৰ গাত ঘঁহি দিয়াত যুৱৰাজৰ দুৰ্ঘোৰ টোপনি আহিল। সোণপাহীয়ে দুপৰ নিশাৰ পাছত লাহেকৈ খিড়িকী মেলি বাহিৰলৈ