সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
 

কোৱা-মেলা কৰিবলৈ ধৰিলে যে অমুকাৰ খেতিতে দিনৌ ম’ৰাটো চৰেগৈ। অৱশ্যে সিহে কিবা কৰিব পায়। ৰজাৰ টেকেলাই গৈ গধূলি বায়েকৰ ঘৰত বহি ম'ৰাৰ কথা উলিয়াই অনেক চহ দিয়াত তাই ভায়েকৰ কথা কৈ দিলে। ইপিনে ভায়েকেও সজাগ হৈ ফুৰিছিল। এতিয়া কল- তলৰপৰা সি বায়েকে টেকেলাক কোৱা কথাবোৰ শুনি আহি ঘৈণীয়েকক ক'লে যে ৰজাৰ টেকেলা আহি তাক ধৰি বান্ধি নিবহি, এতেকে সি ৰূপ পাঁচ টকা হাতত লৈ ঢাৰিৰ মেৰত সোমাই থাকিল; সি ঘৰত নাই বুলি ঘৈণীয়েকে টেকেলাক ক'বলৈ ক'লে। টেকেলা আহি ঘৈণীয়েকক মাতি গিৰিয়েকৰ কথা সুধিলে। তাই বোলে “তেওঁ মোৰ পেহাহে হয়।” টেকেলাই বোলে, “বাৰু পেহাৰ আৰু পেহীয়েৰ কলৈ গ’ল ক?” তাই, “ক”ব নোৱাৰো” বোলাত টেকেলাই তাইকে ধৰ বুলি বান্ধিবলৈ ক'লে। তেতিয়া তাই ভয়ত থক্ থক্ কৰে কঁপি ক'লে, “হেৰা পেহা! ঢাৰিৰ মেৰৰপৰা ওলোৱা” এনে বোলাত টেকেলাই গোৰ মাৰি দিয়াত ঢাৰিৰ মেৰৰপৰা গিৰিয়েক ওলাই পৰিল। টেকেলাই ধৰি বান্ধোতে গিৰিয়েকে টেকেলাক ৰূপ পাঁচটকা দি ক'লে, “ককাই! মোক যেন অনুগ্ৰহ কৰি ন-চহকী আৰু পুৰণি-চহকীৰ ঘৰৰ দুৱাৰ-মুখেদি ৰজাৰ ঘৰলৈ নিবা।” টেকেলাই “একো টান কথা নহয়” বুলি পোনতে তাক ন-চহকীৰ ঘৰলৈ নিলে, তাতে ন-চহকীয়ে টেকেলাক ক'লে, “ই মহা চোৰ, ইয়াৰ তাপত মানুহে হাঁহ, পাৰ, ছাগলী ৰাখিব নোৱাৰে! ই হাঁহ, পাৰ, ছাগলী খোৱাৰ যম। ই মোৰ ল'ৰাটোক ফুচুলাই সিদিনা ৰূপ দহ টকা ধাৰলৈ নিলে চোৰৰপৰা আৰু পোৱা যাব নে?” ইত্যাদি ৰূপে বলকি খং কৰি ন-চহকী ৰজা-ঘৰলৈ যাবলৈ ওলাল। তাৰ পাছত তাক পুৰণি-চহকীৰ ঘৰলৈ নিলত গৃহস্থই মূৰে কপালে হাত দি টেকেলাক ক'লে, “বোপাই ই ল'ৰা কদাপি চোৰ নহয়; মই ইহঁতৰ ঘৰক ভালকৈ জানো। তোমাৰ কিবা ভ্ৰম হৈছে, টকাদিয়েক লৈ এৰি দিয়া।” এনে বুলি কৈ পুৰণি-চহকীও টেকেলাৰ লগত ৰজা-ঘৰলৈ ওলাল।