সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
 

ভাগ নিজৰ ফালে আৰু তাকৰীয়া ভাগ কণাৰ ফালে থৈ কণাক লবলৈ ক’লত, ঈশ্বৰৰ ইচ্ছাত এইবাৰো কণাৰ হাত সৰহীয়া ভাগতহে পৰিল। কুঁজাই ভাবিলে “ই কণাই কণা চকুৰেও কেনেবাকৈ দেখে।” ইয়াকে ভাবি সি কণাৰ চকু দুটা ভালকৈ ফুটাই দিবলৈ মন কৰি তাত এমুঠি বালি ঘঁহি দিলে। কিন্তু কণাৰচকুত চামনি পৰিহে সি নেদেখা হৈ আছিল; এতিয়া তাত বালি ঘঁহি দিলত সেই চামনি কাটি গ'ল আৰু তাৰক চকুৰে দেখা হ'ল। সেইদেখি কণাই চকু মেলিয়েই কুঁজাৰ ফাঁকি বুজিব পাৰি কুঁজাৰ কুঁজত এটা থিয়গোৰ মাৰি দিলে। গোৰ খাই কুঁজাৰ কুঁজ পোন হৈ গ'ল। তেতিয়া দুয়ো মিল হৈ সমানে ধনখিনি ভগাই লৈ ঘৰাঘৰি গুচি গ'ল।

বিংশ সাধু

ককা। —“সোণাই ঔ, আজি এটা কথাবাহী বুঢ়াৰ সাধু এটা কওঁ শুন”—

কথাবাহী বুঢ়া

 এহাল বুঢ়া-বুঢ়ী আছিল, সিহঁতৰ মাথোন একেটি ল'ৰা। বুঢ়া- বুঢ়ীৰ ভাতে-ভঁৰালে, গৰুৱে-গায়ে সম্পূৰ্ণ আছিল আৰু দুয়ো অতি যত্নেৰে ল'ৰাটি তুলিতালি ডাঙৰ কৰি মহাসুখে ঘৰবাৰী চলাইছিল। সিহঁতৰ গাঁৱৰ কোনো মানুহেৰে দন্দ-হাই খিয়াল-হিংসা নাছিল; বৰং সকলোৱে সিহঁতক ভাৰসা আৰু মান সৎকাৰ কৰিছিল আৰু পাৰ্য্যমানে যাৰে তাৰে সিহঁতে উপকাৰ হে কৰিছিল। ল'ৰাটিৰ ঘৰখন পাতি, পো- বোৱাৰীৰ ৰং-ধেমালি চাই মৰিবলৈ বুঢ়া-বুঢ়ীয়ে বৰকৈ হেঁপাহ কৰিছিল;