গ'ল; জানিছা কন্যা! সদাগৰৰ এডৰা ধান আছিল ধানডৰা দাবৰ হ'ল। চাকৰবিলাকে মইনাক বুধি সুধিলে। মইনাই ধান দাবলৈ নিদি গোটেইডৰা ধানতে জুই লগাই দিবলৈ ক'লে। ধান পুৰি ছাই হ'ল। পাছে মইনা গৈ ডাঙৰ পৰ্বতৰপৰা বহুত পৰ্বতীয়া মইনা মাতি আনিলে, আৰু সেই পোৰা ধানত লগাই দিলে, জানিছা কন্যা! সেই মইনাবিলাকে ধানৰ আখৈ খাই সোণ লাদিবলৈ লাগিল; জানিছা কন্যা! তাৰ পাছত পোহনীয়া মইনাই আটাইবিলাক ধানৰ ছাই মইনাৰ লাদৰে সৈতে টোমত বান্ধি থবলৈ ক'লে। চাকৰবিলাকেও সেইদৰে কৰিলে। সদাগৰ বেপাৰৰপৰা আহি ধান কিমান হ'ল বুলি সোধাত চাকৰবিলাকে সকলো কথা ভাঙিপাতি ক'লে। তাতে সদাগৰৰ খং উঠি ‘তোক ইয়াকে কৰিবলৈ কৈ গৈছিলোঁ?' বুলি একে চাপৰে মইনাক মাৰি পেলালে; জানিছা কন্যা! পাছে সদাগৰৰ খং মাৰ গ'লত চাকৰবিলাকক তেওঁ ক'লে বাৰু টোমকেইটা আনহঁকচোন। তাত নো কি আছে চাওঁ!' চাকৰহঁতে টোম আনিলত মেলি চাই ছাইৰ লগত এটাইবিলাক সোণ দেখি সদাগৰে আচৰিত মানিলে আৰু ‘মইনাই ভালকেহে কৰিছিল' বুলি মইনাৰ বেজাৰত কান্দিবলৈ ধৰিলে; জানিছা কন্যা!” মাখিৰূপী ৰাক্ষসীয়ে নিমাতী কন্যাৰ পেটৰ ভিতৰৰ পৰা “বোঁ” কৰিলে। পাঁচ-বাদ্য বাজিবলৈ ধৰিলে। বাদ্য বজা শুনি নিমাতী কন্যাৰ পিতাক লৰি আহিল, আৰু সেই ৰূপৰ গছজোপা, পাঁচ বাদ্য আৰু অনেক ধন-সম্পত্তি তেওঁ যৌতুকত দি নিমাতী কন্যাক কোঁৱৰলৈ বিয়া দিলে। কোঁৱৰেও সুন্দৰী কন্যা লাভ কৰি আনন্দ মনেৰে নিজৰ দেশলৈ গুচি আহিল।
দ্বাবিংশ সাধু
ককা— “আজি এটা সাধু কম, সেইটো তই সদায় মনত ৰাখিবি।”
নাতি— “ৰাখিম ককা। সেইটো নো কি সাধু কোৱা ককাদেউতা?”
ককা- “শুন” -