পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰোৱা এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া-বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰীগুটি আৰু বুঢ়ীয়ে এটি কড়ি পালে। দুয়ো ঘৰলৈ গৈ ভালকৈ মাটি এডোখৰ উলিয়াই বগৰী আৰু কড়ি পচাই থ'লে। অৱশেষত কড়ি পচি গ’ল, বগৰীগুটিৰ এটা পুলি গজি এজোপা গছ গৈ বগৰী লাগি পকি আছে। বুঢ়াই সদায় বগৰী ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে; এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, “হেৰ কাউৰী, কাউৰী, তই মোৰ বগৰী ৰখিব পাৰিবি নে?” সি ঘপ্ কৰে “তাত সংশয় নাই” বুলি উত্তৰ দিলে। বুঢ়াই ক’লৈ, “বাৰু তোৰ মাতটো মোক মাতি শুনাচোন।” তেতিয়া সি “কা কা” কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি ক’লে, “যা, যা, যা, তই মোৰ বগৰী খাবিহে।” তাৰ অলপ পাছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, “হেৰ বগলী তই মোৰ বগৰী ৰখিব পাৰিবি নে?” বগলীয়ে উত্তৰ দিলে, “পাৰিম তো, নোৱাৰাৰ কাৰণ কি?” বুঢ়াই ক'লে, “বাৰু মোক তোৰ মাতটো মাতি শুনাচোন।” তেতিয়া বগলীয়ে “কক্ কক্” কৰে মাতিবলৈ ধৰিলত “তই বগৰী খাবিহে” বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, “হেৰ ফেঁচু তই মোৰ বগৰী ৰখিব পাৰিবি নে?” ফেঁচুৱে ক’লে, “যদি তুমি কোৱা মই ৰখিব পাৰো।” বুঢ়াই ক’লে, “বাৰু, তই তোৰ মাতটো মাতি মোক শুনাচোন?” ফেঁচুৱে মাতিবলৈ ধৰিলে। “ফেঁচু চু ফেঁচাই মৰা৷ মেই ফেঁচু মানুহ মৰা॥”