সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
 

পাই তালৈকে আহিল আৰু পলৰ বিন্ধাৰ মাজেদি মুৰ সুমাই পানী খাই গ'লহি। গুমুনী তিৰোতা জাতি, ল'ৰাটি মৰম লাগি তাই একোকে নকৰিলে; কিন্তু মতাটোৱে তাৰপৰা পানী খালে ল'ৰাক খাব বুলি তাই গোমৰ আগত পানী খোৱাৰ কথা নক'লে। কিন্তু গোমে তাই পানী খোৱাৰ গম পাই সুধিলে, “গুমুনী, তই কত পানী খালি ক?” গুমুনীয়ে ক’লে, “মই পানী খাবলৈ পোৱা নাই। তেতিয়া গোমে ক'লে, “নহয়, তই য'তে পানী খাইছ ক, ক'লেহে এৰিম।” উপায় নেপাই গুমুনীয়ে ক'লে। কিন্তু ল'ৰাটোক নেখাবলৈ বুলি দঢ়াই দঢ়াই তাই গিৰিয়েকক শপত খুৱালে। পাছে গোম গৈ ল'ৰাটোৰ ওচৰ পালে আৰু বাটিত পানী দেখি ৰং পাই খাবলৈ ধৰিলে। তাতে একো নজনা সৰু ল'ৰাই সাপ বুলি নেজানি গোমৰ মূৰত থপিয়াবলৈ ধৰিলে। গোমৰ খং উঠি গুমুনীৰ আগত খাই অহা শপত সি পাহৰি গ'ল আৰু ল'ৰাটোৰ মূৰত খোঁট মাৰি দিলে। কিছুমান পৰ বিষৰ যন্ত্ৰণা ভুগি ল'ৰাটো মৰি থাকিল। গধূলি পৰত বুঢ়া-বুঢ়ী আহি দেখে ল'ৰা মৰিল। সাপে খোৱা চিন পাই সাপে খাই মাৰিলে বুলি জানি বুঢ়া-বুঢ়ীয়ে কান্দিবলৈ ধৰিলে। ইয়াৰ ভিতৰতে নেউলটো “সঞ্জীৱনী মাটি” আনিবৰ কাৰণে পৰ্বতলৈ গৈছিল। এনেতে নেউলটো আহি পালেহি। 'কটা মোৰ ল'ৰাক এৰি তই কলৈ গৈছিলি, তই থাকোতেও মোৰ ল'ৰাক সাপে খালে' বুলি বুঢ়াই নেউলক বেজাৰত এটাঙোন সোধাই দিলে, তাতে নেউল মৰি থাকিল। এনেতে ওচৰৰ এজনী মানুহে ক'লে, ‘বুঢ়া! নেউলৰ মুখত সঞ্জীৱনী মাটি থাকে; আছে যদি তাৰে অকণ ল'ৰাটোৰ মুখত দিয়াচোন, কিজানি ল'ৰাটো জীয়েই।' বুঢ়াই নেউলটোৰ মুখত মাটিকণ পাই আনি ল'ৰাৰ মুখত দিলত ল'ৰা জী উঠিল। এতিয়া বুঢ়া-বুঢ়ীয়ে নেউলৰ নিমিত্তে কান্দিবলৈ ধৰিলে, জানিছা বস্তি!” বস্তিত পৰি থকা মাখিটোৱে “বোঁ” বুলি শলাগিলে। কোঁৱৰে আৰু এটা নতুন সাধু আৰম্ভ কৰিলে। ৰাক্ষসীয়ে মায়াৰূপ ধৰি মাখি এটা হৈ নিমাতী কন্যাৰ ৰিহাৰ আঁচলত পৰিলগৈ।