সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
 

নোমল আৰু সোণপাহী

 এখন গাঁৱত এহাল মতা-মাইকী আছিল। মতাটোৰ নাম ৰূদাই আৰু মাইকীজনীৰ নাম ডাবহী। সিহঁতহাল বৰ মিলা-প্ৰীতিৰে ঘৰ-বাৰী কৰি আছিল। ঘৈণীয়েকে পুৱাই উঠি ঘৰ-চোতাল সাৰি-মছি বৰ পৰিস্কাৰকৈ ৰাখি ৰন্ধা-বঢ়া কামত লাগে; ইপিনে গিৰিয়েকটোৱেও সেইদৰে পুৱাতে উঠি বাৰী-ঘৰ চিকুণাই বতৰৰ খেতিত লাগে। দুয়ো বহি-শুই নাথাকি মাইকীয়ে মাইকীৰ বন আৰু মতাই মতাৰ বন কৰি থাকে। বাৰীত সকলো বিধৰ শস্য ৰুই লৈছিল; আম, কঁঠাল, লেটেকু,পনিয়ল, পাণ, তামোল, টেঙা, কল আদি একো নোহোৱা নাছিল। হাঁহ, পাৰ, গৰু-গাই, ম'হ, ছাগলী সকলো ৰাখি দুয়ো মহা সুখে-সন্তোষে গৃহবাস কৰিছিল। মুগা-এড়ি পুহি কাপোৰ-কানিৰ ফালেও লেহেৰা নাছিল; কাৰণ মাইকীজনী বোৱা-কটাত বৰ পাৰ্গত আছিল। মুঠতে ক'বলৈ গ'লে ৰুদাইক তাৰ গাঁৱত চহকী বুলিব লাগে; তাৰ ভাতে- ভঁৰালে সম্পূৰ্ণ আছিল।

 সিহঁতহালৰ ছটা ল'ৰা হ'ল, - সিহঁতৰ নাম ৰহাই, ৰঙাই, ৰসাই, ৰঞ্জয়, ৰণু আৰু নোমল। ছোৱালী হোৱা নাছিল। সিহঁত কেউটাও মাক- বাপেকক দেখি বৰ বনুৱা হৈছিল। নো্মল পেট-মোছা বাবে সকলোৰে মৰমৰ আছিল; সি ইকিটা ল'ৰাতকৈ দেখনিয়াৰও আছিল। সেইবাবে মাক-বাপেক আৰু ককায়েকহঁতে তাক বন-বাৰি কৰিবলৈ নিদি ৰজাৰ কোঁৱৰৰ দৰে তুলিছিল। মাক-বাপেকে ক্ৰমে পাঁচোটালৈ বিয়া কৰাই ছোৱালী আনিলে। বাপেকে নোমলৰ জোখাই ছোৱালী বিচাৰি অনেক গাঁৱলৈ গৈ শেহত সোণপাহী নামে ছোৱালী এটি পাই নোমললৈ বিয়া কৰালে। সোণপাহী যি সোণপাহীয়েই –নামত যেনে গুণতো তেনে। পাঁচোটা পুতেকে আৰু সিহঁতৰ ঘৈণীয়েকহঁতে ঘৰৰ বাজৰ সকলো বন-বাৰি কৰি দোপত্দোপে ঘৰখন ওপৰলৈ তুলিলে। তেওঁলোকে নোমলক যেনেকৈ এডাল কুটা দুডাল কৰিবলৈ নিদি অতি আলসুৱা কৰিছিল