সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
 

থোৱা সেই মূৰ এটা মোক খাবলৈ দিব পাৰ নে?” ৰাতি দুপৰত কাৰোবাৰ মাত শুনি নুমলীয়াই চক্‌মক্‌ খাই উঠি চকু মেলি দেখিলে যে দীঘল দীঘল ঠেং আৰু দীঘল দীঘল হাতেৰে দঁতুৱা দ'ত এটাই আগতে থিয় হৈ তাক কিবা কৈছে আৰু দ’তটো ইমান ওখ যে টঙিৰে সৈতে তাৰ মূৰটো প্ৰায় সমান হৈ পৰিছে। ভয়ত নুমলীয়া জ্বৰঘামে ঘামিবলৈ ধৰিলে। কিন্তু ততালিকে সি মনটো ডাঠ কৰি ভয়টো লুকাই থৈ দ’তলৈ চাই কেৰ্কৰীয়া মাতেৰে সুধিলে— “তোক, কি লাগে অ’? বেগাই ক। মোৰ আজৰি নাই।” দ'তে নুমলীয়াৰ কথাৰ ভমক দেখি কোঁচখাই উত্তৰ দিলে— “আপোনাৰ ওচৰত সেই মূৰ এটি মাগি নিবলৈ বুলি আহিছোঁ। আজি ভালেমান দিন মানুহৰ মূৰ খাবলৈ পোৱা নাই; ইয়াত আজি মূৰকেইটা আঁৰি থোৱা দেখি মোৰ বৰ খাবৰ মন গৈছে; আপুনি কৃপা কৰিলেই জানিবা মনৰ হেঁপাহ পলায়।” নুমলীয়াই মাত লগালে— “তোক মূৰ এটা দিলে তই মোক কি দিবি? মুখৰ শুদা কথাতে তো আৰু মূৰ পোৱা নাযায়।” দ’তে ক’লে, “মোৰ কি আছে কি দিম? মোৰ কঁকালতে এই জোলোঙাটো আছে; তাকে লাগে যদি নিয়ক।” নুমলীয়াই ক'লে, “হেৰ জোলোঙাটো লৈ মই কি কৰিম? তাৰে মোৰ কি উপকাৰ হ'ব?” দ’তে কলৈ, “এই জোলোঙাটোত আপুনি যতবাৰ হাত ভৰাব ততবাৰ এমুঠি এমুঠি ৰূপ পাব। হোৱঁক ধৰক আপুনি জোলোঙাটো আৰু তাত আপোনাৰ হাতখন ভৰাই এতিয়াই প্ৰমাণ চাওক।” এইবুলি দ'তে তাৰ জোলোঙাটো নুমলীয়াক দিলে নুমলীয়াই জোলোঙাটো লৈ তাত হাত ভৰালতে তাৰ হাতৰ মুঠিত এমুঠি ৰূপ উঠিল। দেখি নুমলীয়াৰ মনত বৰ ৰং। তেতিয়াই সি মূৰ চাৰিটাৰ এটা দ’তক দি দিলে আৰু দ'তে ৰং মনেৰে মূৰটো লৈ গুচি গ'ল।

 ইয়াৰ অলপ পৰ পিচতে নুমলীয়াই চিল্‌মিল্‌কৈ অলপ টোপনি আহিছে মাথোন, এনেতে আকৌ কিবা এটা মাত তাৰ কাণত পৰিল, সি চক্‌খাই উঠিল। সি চকু মেলি দেখিলে— দীঘল নাক আৰু দীঘল চুলিৰে কদাকাৰ ভূত এটা তাৰ আগতে থিয় হৈ আছে। কি লাগে বুলি সি ভূতটোক সুধিলত ভূতে গেনা মাতেৰে ক’লে, “কঁকাই মোক মূৰ