পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিতৰৰপৰা দুৱাৰ মাৰি তোমাৰ গোসাঁই-ঘৰতে শুবা আৰু তিনিদিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে, তোমাক জগাবলৈ হাক দিবা।” পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি-ছিঙি কৈ সেই মতেই তেওঁৰ গোসাঁই-ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰ টোপনি আহিল, তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ যমপুৰি পোৱালেগৈ। বামুণে যমপুৰীত ক’ত যে লীলা- খেলা দেখিলে তাৰ সীমা-সংখ্যা নাই: যমদুতে কোনো কোনো পাপীক হালে হালে সাঙুৰি খুন্দি তাও কৰিছে; কোনোক ওভোতাই মোট চেলাই খাৰণীত জুবুৰিয়াইছে; অঘাইটং পাপীবোৰক সিহঁতৰ জিভাত শলা মাৰি ম’হ টনাদি টানি নি নৰক কুণ্ডত পেলাইছে; যমদূতবোৰ জুমে জুমে ফুৰি ফুৰিছে, হো হো কৰি আহিছেগৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি বামুণৰ শ্ৰুতি-বুদ্ধি হেৰাল আৰু বতাহত আঁহতৰ পাত কঁপাদি ভয়ত বামুণ কঁপিবলৈ ধৰিলে। দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত ঠক্ঠক্ কৰে কঁপা দেখি যমে তেওঁক ক'লে— “বাপুদেউ তুমি ভয় নকৰিবা। তুমি বাৰু এই ডেকা মানুহমখাৰ ফাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰা আছেনে নাই?” বামুণে সেইফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক’লৈ যে “হয় মহাৰাজ, মোৰ পো সৌটো।” বামুণৰ উত্তৰ শুনি যমে ক’লে, “তাক ইয়ালৈ মাতাচোন; যদি সি নাহে, তেন্তে তুমিয়েই তাক মাতি আনাগৈ৷” বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ “হেৰ বোপাই, মই আহিছোঁ নহয়; তই এইপিনে আহচোন” বুলি মাতিলে। বামুণে এইদৰে তিনি-চাৰিবাৰ মতাতো পুতেকে তেওঁৰফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘোকোটা মাৰি ক'লে, “হেৰ, বোপাই, এইফালে চাচোন, মই তোৰ বাপেৰ।” পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মাতেৰে