সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮২

অনাজন গিৰিহঁতৰ বাহিৰে আমি বা আন কোনেও পেৰা মেলিব নোৱাৰোঁ; তেওঁহে এই পেৰাটো মেলিব আৰু মাৰিব জানিছিল।” ৰজাই এই কথা শুনি আঁচৰিত মানি ক’লে, “তেন্তে দেখিছোঁ এটা মহা অন্যায় কাণ্ড ঘটিছে। এতিয়া কি হ'ব, কি উপায়েৰে পেৰা মেলা যায়? ” যমৰ জীয়েকে ক’লৈ, “স্বৰ্গদেৱ, বেটীয়ে আমাৰ গিৰিহঁতৰ শ-টো সেই আনটো পেৰাতে ভৰাই আনিছোঁ। যদি বেটীক হুকুম দিয়ে তেন্তে বেটীয়ে তেওঁক জীয়াই দিব পাৰোঁ।” এই কথা শুনি ৰজাই আৰু আঁচৰিত হৈ ক’লৈ, “বাৰু দে জীয়াই; মই হুকুম দিছোঁ।” ৰজাৰ হুকুম পাই যমৰজাৰ জীয়েকে পেৰা এটাৰপৰা গিৰিয়েকৰ মৰা-শটো উলিয়াই, তাৰ ভিতৰত জীৱটো সুমাই দিবলৈ বাপেকক ধ্যান কৰি কোৱাত মৰা গিৰিয়েকে জীৱ পাই উঠি বহিল; আৰু তেতিয়াই সি পেৰাটো মেলি মাণিকৰ গছজোপা উলিয়াই দিলে। মাণিকৰ গছজোপা ওলালতে তাৰ জেউতিত ৰজাৰ বৰ-চ'ৰা তিৰবিৰাবলৈ ধৰিলে। ৰজাৰ মহা আনন্দ মিলিল; আৰু ৰাইজে চাৰিওফালৰ পৰা “হৈ-ধ্বনি” দিবলৈ ধৰিলে। তাৰ পিছত ৰজাই খোৰাৰ মুখৰপৰা সকলো কথা শুনি তাক ঘাই মন্ত্ৰী পাতিলে, তাৰ হিংসাকুৰীয়া ককায়েকেহঁতক হাতীৰে গচকাই মৰালে।

 কিছুদিন এইদৰে খোৰা ঘাই মন্ত্ৰী হৈ সুখেৰে থকা দেখি, ৰজাৰ নাপিতটোৰ বৰ খিয়াল লাগিল। নাপিতটো ৰজাৰ বৰ খাটনিয়াৰ আছিল। কেনেকৈ খোৰাক মন্ত্ৰী ভাঙি সি আন এজনক মন্ত্ৰী পতাব, দিনে-ৰাতিয়ে তাৰ এইহে চিন্তা হ'ল। এদিন সি ৰজাৰ ডাঢ়ি খুৰাই থাকোঁতে ৰজাক লাহেকৈ ক'লে, “স্বৰ্গদেউ, মাণিকৰ গছ আনি মন্ত্ৰী হোৱাই মন্ত্ৰী নহয়; মন্ত্ৰীৰ আৰু কাম আছে।” সি উত্তৰ দিলে, “স্বৰ্গদেও, যিটো মন্ত্ৰীয়ে এদিনৰ ভিতৰতে দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচি আকৌ ৰাতিটোৰ ভিতৰতে ডুলিত বেলেগ বেলেগকৈ ভৰাই দিব পাৰে, সি হে আচল মন্ত্ৰী; আৰু তেনে মানুহ হে স্বৰ্গদেওৰ মন্ত্ৰী হ'বৰ যোগ্য।”

 নাপিতৰ কথা শুনি পিছদিনা ৰজাই মন্ত্ৰীৰ হতুৱাই দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচাইদি ক'লে— “মন্ত্ৰী, যদি তুমি আজি ৰাতিৰ ভিতৰতে আকৌ এই মাহ-সৰিয়হবোৰ বুটলি ডুলিত ভৰাই দিব পাৰা, তেহে তুমি