সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
 

“তোমালোকক ইয়ালৈ ঈশ্বৰে পঠাইছে। তোমালোকেই আমাৰ ল'ৰা- ছোৱালী হ'লা, আৰু তোমালোকেই আমাৰ মুখত পানী এটোপা দি মাৰিবা বুলি আশা কৰিলোঁ।”

 বহি শুই আমনি লাগি সোণপাহীয়ে এদিন বুঢ়াক ক'লে যে তেওঁ বব-কাটিব পাৰে, এতেকে তাঁত ববলৈ ঘৰ এটা সাজি দিব লাগে। বুঢ়াই পাছদিনাই তাঁতৰ ঘৰ সাজি দি বুঢ়ীৰ তাঁতশাল জোৰকে সোণপাহীক দিলে। সোণপাহীয়ে তাঁত বাটি কৰি এখন অপূৰ্ব পাটৰ কাপোৰ লগালে। কাপোৰখন ছমাহে বৈ অটালে আৰু তাক বাঁহৰ চুঙা এটাত সুমাই থলে। বাৰিষা হ'লে সেইখন নৈয়েদি দুখন এখন বেহেৰুৱা নাও সেইপিনে যায়; সেইবাৰো এখন আহি সিহঁতৰ ঘাটতে বান্ধিলে। তেতিয়া সোণপাহীয়ে নোমলক ক'লে যে “কাপোৰখন লৈ গৈ ৰজাক বেচিলে ভাল দাম পোৱা যাব। এতেকে এই নাৱতে উঠি মুদৈৰ লগত যোৱাঁ, নাৱৰ যি ভেৰোণ লাগিব কাপোৰ বেচি ধন পালে পিছত তাক দিবা।” ঘৈণীয়েকৰ কথামতে নোমলে মুদৈক ক'লত মুদৈয়ে তাতে সন্মত হৈ নোমলক নাৱত তুলি ল'লে।

 ৰজাৰ নগৰ তাৰপৰা তিনি দিন তিনি ৰাতিয়ে পোৱা যায়। নগৰ পাই ঘাটত নাও বান্ধিলত ভাত-পানী খাই-বৈ নোমল ৰজা ঘৰলৈ গ'ল; কিন্তু ৰজাঘৰৰ আওভাও নজনা গতিকে সি তিনি দিন অহা-যোৱা হে কৰিলে। শেহত তাৰ ওপৰত ৰাজবিষয়া এজনৰ চকু পৰিলত নোমলক তেওঁ মতাই নি সি ক'ৰপৰা আহিছে, কি লাগে বুলি সুধিলে। তেতিয়া নোমলে ৰাজযোগ্য কাপোৰ এখন বেচিবলৈ আনিছোঁ বুলি ক'লত তাক তেওঁ ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজাই কাপোৰখন দেখি সুধিলে, “কাপোৰ কোনে বৈছিল?” নোমলে বোলে “কাপোৰ কোনে বৈছিল মই কব নোৱাৰোঁ; মাথোন বোপাইৰ সম্পত্তি ভাগ কৰোঁতে মোৰ ভাগত মই সেই কাপোৰখন পাইছিলোঁ।” তেতিয়া ৰজাই কাপোৰখন লৈ তাক সোণ এচৰু আৰু ৰূপ এচৰু দি বিদায় দিলে। নোমলে ৰজাৰ নগৰ চাবলৈ দিনাদয়েক তাতে থাকিল।

 ৰজাই কাপোৰ কিনোতে যুৱৰাজ সভাতে আছিল। তেওঁ