সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
 

ষোড়শ সাধু

ককা।— "আজি অধ্যাপকে কৈছিল তই হেনো ভালকৈ পঢ়া-শুনা কৰিছ। মই শুনি বৰ সন্তোষ পাইছোঁ। আহ আজি এটা দীঘল সাধু কওঁ।”

এটা বুঢ়া আৰু পাঁচ পুতেক

 এটা বুঢ়া আৰু তাৰ পাঁচোটা পুতেক আছিল। বুঢ়াই চাৰি পুতেকলৈ চাৰিজনী বোৱাৰী আনিছিল; মাত্ৰ নুমলীয়াটোহে বাকী আছিল।

 এদিন কিণ্কিণীয়া বৰষুণীয়া বতৰত বুঢ়াই পুতেকহঁতক সুধিলে, “বোপাহঁত ঔ, আজি কি কৰিবৰ দিন?” বৰটো পুতেকে উত্তৰ দিলে- “পিতাই, আজি ভালকৈ কাপোৰ-কানি লৈ উম লগাই শুই থাকিবৰ দিন।” মাজুটোৱে উত্তৰ দিলে— “আজি খৰাহি-পাচি সাজিবৰ দিন।” বৰ-মাজুটোৱে ক'লে— “আজি পোৰা মাছে পইতা ভাতে খাবৰ দিন।” সৰুটোৱে ক’লে, “আজি হালোৱা-গাঁতি মাৰি পথাৰত হাল বাবৰ দিন।” এটাইকেইটাতকৈ সৰু নুমলীয়াটোৱে ক'লে— “পিতাই, আজি ভালকৈ এঠাইত কঠ পাৰি বহি লেখা-পঢ়া কৰিবৰ দিন।” পুতেকহঁতৰ কথা শুনি বাপেকে মিচিকিয়া হাঁহি মাৰি একো নকৈ মনে মনে থাকিল। কিন্তু নুমলীয়া ভায়েকৰ উত্তৰটো শুনি চাৰিওটা ককায়েকে গোগোৰাবলৈ ধৰিলে। সিহঁতে ভাবিলে “ইঃ। ই লেখা-পঢ়া কৰি পণ্ডিত হৈ আমাতকৈ ডাঙৰ মানুহ হৈ খাবলৈ ওলাইছে। আমি হালোৱা চহা হৈ থাকিম আৰু ই বৰ মানুহ হৈ আমাক গোলাম কৰি বাব!” নুমলীয়া ল'ৰাটো স্বভাৱতে অলপ চোকা বুদ্ধিৰ আছিল দেখি বুঢ়াইও তাক আনকেইটাতকৈ অলপ সৰহকৈ মৰম কৰিছিল। সেইবাবে ককায়েকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল। গতিকে, সিহঁতে সেই বিহমনাৰ পুলিটো সৰুতে উভালি