এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
ৰান্ধনিঘৰ সোমাই মাইহেং আৰু বহা আসন দেখি সিহঁতৰ ধাতু উৰি গ'ল; তেতিয়া দিঠক নে সমাজিক থিৰ কৰিব নোৱাৰি সিহঁতে হোহোঁকা- পিছলা কৰিছিল।পোনতে ৰুদাইক বহিবলৈ দি মান অনুসাৰে ইকিটা ল'ৰাক বহুৱাই শেহৰ মাইহেঙত নোমলক ঘৰৰপৰা পিন্ধি অহা কাপোৰ পিন্ধাই বহুৱাই বঁটা আগত লৈ তাই ঘৰত পিন্ধি থকা কাপোৰেৰে ওলালত ৰুদাইৰ মনত পৰি সি নোমলৰ ডিঙিত ধৰি হুক্হুক্ কৰে কান্দিবলৈ ধৰিলে। ৰাতিটো থাকি পাছদিনা নোমলে মাক আৰু বৌৱেকহঁতক ল'ৰা-ছোৱালীমখাৰে সৈতে আনিবলৈ হাতী-দোলা মানুহ পঠালে। এইদৰে তেতিয়া সকলোটি এক পৰিয়াল হৈ মহা সুখে-সম্পদে থাকিবলৈ ধৰিলে। তেতিয়াহে ৰুদায়ে বোলে নোমল-সোণপাহীৰ কথা সঁচা, কোনে কাৰ জহত খায়; সকলোৱে আপোন বলতেহে খায়। *[১]
ত্ৰয়োবিংশ সাধু
| ককা। - | “আজি তোক মই সাধু নকওঁ বুলিছোঁ।” |
| নাতি। - | “কিয়? কিয় ককাদেউতা?” |
| ককা। - | “তই সেই নাৰিকলৰ লাডুটো পাই অকলে টপ্কৰে মুখত সুমাই থলি, তোৰ ভনীয়েৰে অকমান খুজিছিল তই নিদিলি। এইটো কিবা ভাল কথা হ'ল নে? আপোন-পেটীয়া স্বভাৱ বৰ বেয়া। অলপ বস্তু পালেও তোৰ সৰু ভনীয়েৰক তাৰ ভাগ দি খাব পায়।” |
| নাতি। - | “আজিৰ পৰা মই তেনে নকৰো। আজি মোৰ দোষ হৈছে।” |
| ককা। - | “বেছ কথা; শুনি মই সন্তোষ পাইছোঁ। শুন তেন্তে সাধু কওঁ।” |
- ↑ (এই সাধুটো শ্ৰীযুত বাচাৰাম খাডন্দে তেওঁৰ বুঢ়ীমাকৰ মুখে শুনিছিল। মৰণ কাললৈকে বুঢ়ীমাকৰ দাঁত আছিল। অইন কি তেওঁৰ গাৰ নোমবোৰো পকিছিল। তেওঁক গাঁৱৰ মানুহে পকী-মূৰী আই বুলিছিল। সেইবাবে তেওঁ থকা ঠাইডোখৰক আজিলৈকে পকামূৰা বোলে।)