পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কটাবলৈ মন কৰি এজনী নটীৰ তাত আশ্ৰয় ল’লেগৈ। নটীয়ে বৰ আদৰ- সাদৰকৈ তেওঁক তাতে থাকিবৰ নিমিত্তে দিহা কৰি দিলে। মন্ত্ৰীয়ে ৰাতিটো তাতে কটাই পিছদিনা ৰাতিপুৱাই যাবলৈ ওলোৱাত নটীয়ে সুধিলে, “ডাঙৰীয়া, আপুনিনো ক’ৰ মানুহ ক’লৈ যাব লাগে?” মন্ত্ৰীয়ে “মই বেপাৰী মানুহ; ৰজাৰ নগৰলৈ যাবলৈ আহিছোঁ” বুলি কৈ তাৰপৰা বিদায় লৈ ৰজাৰ হাউলীৰ মুখে যাবলৈ ধৰিলে। এইদৰে গৈ থাকোতে তেওঁ বাটত তিনি-মূৰীয়া বুঢ়া এটা বহি থকা দেখিলে। বুঢ়াই বাটেদি যাকে যোৱা দেখিছে তাৰ ফাললৈকে হাতজোৰকৈ পইচা খুজিছে। মন্ত্ৰী সেইখিনি পালতে, বুঢ়াই সেইদৰে হাতজোৰকৈ পইচা খোজাত, মন্ত্ৰীয়ে সুধিলে, “বুঢ়া, তই নো এইদৰে কিয় আছ? তোক পোহ-পাল কৰোঁতানো কোনো নাইনে?” এই কথাত বুঢ়াই চকুলো টুকি ক’বলৈ ধৰিলে— “ডাঙৰীয়া মোৰ কথানো কি ক’ম; আগ বয়সত মই ৰজাৰ দুৱৰী আছিলোঁ। যিমান দিন গাত বল আছিল কাম কৰিলোঁ, এতিয়া বুঢ়া হ’লোঁ, কাম কৰিব নোৱাৰা হ'লোঁ; সেইদেখি ৰজাই মোৰ কামত আন এটাক ৰাখি মোক বিদায় দিলে। হাতত যি দুটা-চাৰিটা পইচা আছিল, ভাঙি খালোঁ; সেইকেইটা ঢুকালত এইদৰে ইয়াতে বহি, মানুহ যোৱা দেখিলে পইচা খোজো। কাৰোবাৰ মন গ'লে দুই-চাৰি পইচা দিয়ে; কেতিয়াবা আকৌ শুদা হাতেই ঘৰলৈ উভতি যাব লগাত পৰোঁ। মোৰ ল'ৰা-ছোৱালীও কোনো নাই।” বুঢ়াৰ কথা শুনি মন্ত্ৰীয়ে বুঢ়াক ৰূপ এটকা দি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ বেলি এপৰমান যোৱাত তেওঁৰ ৰজাৰ সভাত সোমালগৈ; কিন্তু সেইদিনা তেওঁক ৰজাই কোনো কথাকেই নুসুধিলে। এইদৰে তেওঁ দুই-তিনিদিন সভালৈ গৈ তাত বহি থাকে আৰু মাজে মাজে একেষাৰ-দুআষাৰ কথা কয়। সেই কথাবিলাক ৰজাৰ মনত খাই পৰাত এদিন তেওঁক ৰজাই ওচৰলৈ মাতি নি সুধিলে, “তুমি ক’ৰ মানুহ? ক'লৈ যাব লাগে? আৰু মোৰ সভালৈকে বা অহাৰ সকাম কি?” এই কথাত মন্ত্ৰীয়ে ক’লৈ, “মহাৰাজ! মই বিদেশী মানুহ, দেশ চাই ফুৰিছিলোঁ; মহাৰাজৰ নাম শুনি দেখা হ’বৰ মনেৰেহে এই সভালৈ আহিছিলোঁ; মহাৰাজৰ দয়া হ'লে ইয়াতে থাকিবও পাৰোঁ।” মন্ত্ৰীৰ কথা শুনি ৰজাই ক'লে, “বাৰু তুমি ইয়াতে থাকী, আজিৰপৰা