পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৩ ছালপীৰাখনৰ তলতে পুতি থওঁ। তুমি এতিয়া কথাটো যেন ক’তো নুলিওৱা। চিপৰাংখন বেগেতে আনি দিয়াচোন এতিয়া।” ঘৈণীয়েকে আৰু চিপৰাং আনি দিয়ে ক’ত? ককায়েক মৰাৰ কথা শুনি কান্দিবলৈ হে ধৰিলে। মন্ত্ৰীয়ে নিজেই চিপৰাং বিচাৰি আনি শোৱা-ছালপীৰাৰ তলতে গাঁত এটা খান্দি টোপোলাটো নেমেলাকৈয়ে তাতে পুতি মাটিখিনি আগৰ দৰে সমানকৈ থৈ বাহিৰলৈ ওলাই গুচি গ'ল। ঘৈণীয়েকে কান্দিবলৈ ধৰিলে। ৰাতি তেওঁলোকৰ ৰন্ধা-বঢ়া, খোৱা- লোৱাও একো নহ'ল। ৰাতি পুৱালতে ৰজাৰ জীয়েক কান্দি কান্দি বাপেকৰ ঘৰত ওলালগৈ। মাকে জীয়েকক সিমান ৰাতিপুৱাই কান্দি-কাটি অহা দেখি সুধিলে, “আই অ’। তোৰ কি হ'ল? গিৰিয়েৰে মাৰিলে নে কি? ইমান ৰাতিপুৱাই কান্দি-কাটি আহিছে কিয়?” জীয়েকে উত্তৰ দিলে, “আমাৰ ফালে হ’ল আৰু।” মাকে আচৰিত হৈ সুধিলে, “কি হ’ল?” জীয়েকে ক’লে, “কালি মৃগয়ালৈ গৈ পহু বুলি জোঁৱায়েৰাই ককাইদেউকে মাৰিলে।” ৰাণীয়ে “কি মোৰ বোপাইক মাৰিলে?” বুলি হিয়া ভুকুৱাই কন্দা মাত্ৰকে গোটেইখন ঘৰ তোলপাৰ লাগি পৰিল, আৰু তৎক্ষণাৎ বতাহৰ দৰে এই কথা গৈ ৰজাৰ কাণত পৰিল। ৰজাই শুনিয়েই “কি সি কেলেহুৱা চপনীয়া এটাৰ ইমান সাহ? আন তাক এতিয়াই ধৰি।” বুলি ক'লে আৰু কোৱা মাত্ৰকে কেইটামান পহৰীয়াই লৰ মাৰি গৈ মন্ত্ৰীক ধৰি আনি ৰজাৰ আগত থিয় কৰিলে। ৰজাই সোধ-পোছ নকৰাকৈয়ে— “চাওদাং, এতিয়াই এই পাপিষ্ঠৰ কটা-মূৰ আনি মোক দেখুৱাবহি লাগে।” বুলি আদেশ কৰিলে। যেই কথা সেই কাম। তেতিয়াই গোটাচৰেকে পহৰীয়া আৰু চাওদাঙে ৰজাৰ জোঁৱায়েকক মৰিশালিৰ ফালে লৈ গুচি গ'ল। মৰিশালিলৈ মন্ত্ৰীক নিওঁতে দৈবক্ৰমে সেইপিনে, সেই যে মন্ত্ৰী ৰজাৰ নগৰলৈ আহিবৰ দিনা এজনী নটীৰ তাত তেওঁ ৰাতি খপিছিল, সেই নটীৰে সৈতে তেওঁৰ দেখা হ’ল। তাই মন্ত্ৰীক সেই অৱস্থাত দেখি সুধিলে, “ডাঙৰীয়া! এদিন আপুনি মোৰ তাত আছিল নহয়? আৰু মই