পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ এটা সাহিয়াল মানুহে আগবাঢ়ি ক’লে, “মহাৰাজ, কাটক বা মাৰক, বন্দীয়ে আপোনাক নাঙঠ কৰা যেন দেখিছোঁ।” তেতিয়া সাহ পাই ইটোৱে বোলে “হয়, আমিও নাঙঠ কৰা যেনহে দেখিছোঁ।” সিটোৱে বোলে, “আমিও তেনেহে দেখিছোঁ।” এইদৰে লাহে লাহে সকলো দৰ্শকেই ৰজাক নাঙঠহে কৰিছে বুলি ক’বলৈ ধৰিলে। ৰজাই বৰ লাজ পালে আৰু তেতিয়াই সেই তাঁতীকেইটাক কাটিবলৈ কটোৱালক আদেশ দিলে। তাঁতীকেইটাই প্ৰাণদণ্ডৰ হুকুম শুনি ৰজাৰ আগত আঁঠু লৈ ক'লে “মহাৰাজ, আমাকতো কাটিবলৈ হুকুম দিলেই, কাটক; কিন্তু তাৰ আগেয়ে আমি এটি কথা মহাৰাজৰ আগত কওঁ। মহাৰাজে দিনক ৰাতি আৰু ৰাতিক দিন পাতিছে। আমি বিদেশী মানুহ, পৃথিৱী গোটেইখনত দিন ৰাতি যাক বোলে তাকে বুলি দিনত মহাৰাজৰ আলিত ফুৰিছিলোঁ আৰু পুখুৰীৰ পানী খাইছিলোঁ; মহাৰাজৰ এনে অদ্ভুত হুকুমৰ কথা নাজানিছিলোঁ; তথাপি মহাৰাজে আমাক কাটিবলৈ হুকুম দিছিল। মহাৰাজে দিনক ৰাতি বুলি ওলোটা শাস্ত্ৰ কৰিব পাৰে, নাঙঠটোক কাপোৰ পিন্ধা বুলিহে চলাব নোৱাৰে? আমি ভাবিছিলোঁ মহাৰাজৰ নিচিনা ক্ষমতাশালী ৰজাই ঠিক ইয়াকো চলাব পাৰিব। এতিয়াহে বুজিলোঁ, মহাৰাজৰ সেইটো ক্ষমতা নাই।” ৰজাই তাঁতীহঁতৰ কথা শুনি ঠিক বুলি বুজি সিহঁতক এৰি দিলে আৰু সেইদিনাৰপৰা ৰাতিক দিন কৰা আৰু দিনক ৰাতি কৰা হুকুম ৰদ কৰিলে। তাঁতীকেইটাই সোণ, ৰূপ, হীৰা, মুকুতাবোৰ লৈ সিহঁতৰ দেশলৈ উভতি গ'ল৷ অষ্টম সাধু “সোণাই অ’ লৰি আহ। আজি ভাল সাধু এটা মনত পৰিছে কওঁ।” ককাদেউতাকে মতা শুনি নাতিয়েক লৰি আহি ওচৰত বহিলত, তেওঁ ক’বলৈ ধৰিলে— ককা।