পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 80 নকৰাকৈয়ে এওঁক কাটিবলৈ হুকুম দিছে। দোষ কৰিলে, শাস্তি দিয়ে, কিন্তু তাৰতো বিচাৰ হব লাগে।” এই কথাতে ৰজাই ক'লে, “বিচাৰ আৰু কি কৰিম! সি মোৰ ল'ৰাক মাৰিছে দেখি ময়ো তাক কাটিবলৈ দিছোঁ।” নটীয়ে ক’লে “নহয় মহাৰাজ! এইটো কোনো কথা নহয়। আপোনাৰ কোঁৱৰক মাৰিছে বুলিয়েই যে সোধ-পোছ নোহোৱাকৈ কাটিবলৈ দিব এনে হ'ব নোৱাৰে। সঁচাকৈয়ে মাৰিছেনে নাই? মাৰিছে যদি কেনেকৈ মাৰিলে? ইয়াৰতো এটা তত্ত্ব লোৱা উচিত। আন এটাক মৰা হ'লে জানো এইদৰে সোধ-পোছ নকৰাকৈয়ে কাটিবলৈ পঠালেহেঁতেন? কেতিয়াও নপঠায়! আৰু বিশেষত: যদি আপোনাৰ কোঁৱৰক সঁচাকৈয়ে মাৰিছে হে, কোঁৱৰৰো মূৰটো আনি তেওঁৰ শোৱাপাটীৰ তলতেই তো পুতি থৈছে, সেইটো আনি চালেই হয় দেখোঁ। মহাৰাজে জানো মূৰটো অনাই চাইছিল?” নটীৰ কথা শুনি ৰজা কিছুমান সময় তবধ লাগি ৰ’ল। তাৰ পিছত ৰজাই পহৰীয়া এটাক মাতি ক’লে, “বাৰু যাচোন তই এই মন্ত্ৰীৰ ঘৰলৈ; ইয়াৰ শোৱা- ছালপীৰাৰ তলতে এটা মূৰ বোলে পুতি থোৱা আছে, খান্দি লৈ আহগৈ৷” এই কথা কেইআষাৰ কৈয়েই ৰজাই তললৈ মূৰ কৰি নিমাত হৈ ৰ'ল আৰু সভাৰ কোনো কোনোৱে শুদা মাটিখনকে আঁকিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে মূৰটো আনিবলৈ যোৱা মানুহ আহি পালেহি আৰু ৰজাই টোপোলাটো মোকোলাই দেখে যে তাৰ ভিতৰত এটা পহুৰ মূৰ। দেখি সকলোৱে আচৰিত মানি ভেবা লাগিল। নটীয়ে তেতিয়া ক’বলৈ ধৰিলে— “দেখিলে এতিয়া মহাৰাজ! নভবা- নিচিন্তাকৈয়ে কি কৰিছিল? তেওঁ এদিনৰ নিমিত্তে হওক বা দুদিনৰ নিমিত্তে হওক নিশ্চয় আপোনাৰ জোঁৱায়েক। তেওঁকে মাৰিবলৈ ধৰিছিল নহয়? এইটো কিমান অন্যায় কথা চাওক।” ঠিক এনে সময়তে ৰজাৰ কোঁৱৰো শহুৰেকৰ ঘৰৰপৰা গৈ ৰজাৰ সভাত উপস্থিত হোৱাত সকলোবিলাক আৰু আচৰিত হ’ল, —মৰা মানুহ দেখোন এইটো! কিছুমান পৰৰ মূৰত ৰজাই মন্ত্ৰীক সুধিলে, “বোপা কি কথা নো? মিছাকৈয়ে নো কথাটো কেলৈ উলিয়াইছিলা?” তেতিয়া মন্ত্ৰীয়ে মাত লগালে, “মহাৰাজ! আপুনি অমুক ৰজালৈ অবুজ ৰজা আৰু অবুজ