সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
 

কথাবাহী বুঢ়াক অতি নম্ৰভাৱে জনালে যে, “আপদেও! বছৰ পূৰ হ'ল; আপুনি কি কথা শিকাব খুজিছিল শিকাই মোক বিদায় দিব লাগে।” বুঢ়াই ক’লে, “দুয়ো গা-পা ধুই খাই-বৈ আহিলে হে হ'ব।” খাই উঠি দুয়ো চোতালত বহিলহি আৰু অলপ বেলি টলকা মাৰি থাকি বুঢ়াই ডেকাৰ ফালে চাই ক'লে, “বোপা! বাৰীৰ ভিতৰত কেলেহুৱা মানুহ নচপাবা। ন–চহকীৰ ধাৰ নকৰিবা; লাগিলে পুৰণি চহকীৰেই ধাৰ কৰিবা। তিৰোতাক বিশ্বাসী কথা নক'বা। ৰজাৰ আগত মিছা কথা নক'বা। এতিয়া তুমি তোমাৰ ঘৰলৈ যাব পাৰা” এইবুলি বুঢ়াই তাক আশীৰ্বাদ কৰি বিদায় দিলে।

 ডেকাই ঘৰমুৱা হৈ বাটে বাটে ভাবি আহিছে যে এবছৰ পাই- পইচা নোহোৱাকৈ তেজক পানী কৰি খাটি বাৰে-ভচহু এইকিটা কথা হে পালোঁ। বাৰু এইকিটা কথাৰ প্ৰমাণকে চোৱা যক। তাৰ আপোন বায়েক এজনী বাৰী হৈ ল'ৰা-ছোৱালী এহালেৰে লৈ-লৈ থৈ-থৈ হৈ ফুৰিছিল; সিহঁতৰ দুৰৱস্থা দেখি মৰম কৰি সি নিজৰ বাৰীলৈ তুলি আনি বাৰীৰ আগতে ঘৰ সাজি দি যতনকৈ সিহঁতক প্ৰতিপাল কৰিবলৈ ধৰিলে। তাৰ গাঁৱত এঘৰ ন-চহকী হৈ উঠি মানুহক মানুহ যেন জ্ঞান নকৰিছিল। সি এদিন গাখীৰ দুচুঙামান লৈ ন-চহকীক দেখা কৰি ক'লে,-ডাঙৰীয়া! আজি এবছৰ মই লোকৰ ঘৰত পাই-পইচা নোলোৱাকৈ খাটি দি আহিলোঁ; ৰজাঘৰৰ খাজনা দিব লগা হ'ল, এতেকে অনুগ্ৰহ কৰি দহ টকামান ৰূপ ধাৰলৈ দিলে বৰ উপকাৰ হয়।” ন–চহকীয়ে লাহেকৈ মাত লগালে, “হেৰ! কাইলৈ আহিবি।” পাছদিনাও সি সেইদৰে পাণ-তামোলৰ টোপোলা এটা লৈ গ'ল; সেইদিনাও ন-চহকীয়ে তাক ওভোতাই পঠিয়ালে। এইদৰে হাত-ভেটি লৈ দহ-বাৰ দিন অহা-যোৱা কৰি শেষত সি লেখা এখন দি অতিকষ্টে দহ টকা ৰূপ আনি তাৰ ঘৰৰ পাৰী খুটাৰ বিন্ধাত সুমাই থ'লে। বাস্তৱতে তাৰ টকাৰ দৰ্কাৰ নাছিল; মাথোন কথা বাহী বুঢ়াৰ কথাৰ প্ৰমাণ চাবলৈ হে সি তেনে