সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
 

 এই কথা শুনি সন্ন্যাসীয়ে আন এটা ধৰা পৰিবৰ ভয়ত থিতাতে সুৰ সলাই পেলাই ক’লে, “মই তোমাক পৰীক্ষা হে কৰিছিলোঁ; তুমি কেতিয়াও তেনে নাভাবিবা।”

 পিছদিনা সন্ন্যাসীয়ে আন এটা বুধি উলিয়াই সৰু গৃহস্থনীক ক’লে, “গোসাঁনী পূজালৈ মোক মৰিশালিৰ মাটি অলপ লগা হৈছে। সেই মাটি ভকতীয়া তিৰোতাই মাজ নিশা কানি কাপোৰ থৈ মৰিশালিলৈ গৈ আনিব লাগে, আনে আনিলে নচলে, এতেকে এই কাম তুমি নকৰিলে আৰু আনে কৰোঁতা নাই।” সন্ন্যাসীৰ কথা শুনি তাইৰ যদিও ভয় লাগিছিল আৰু খং উঠিছিল, তথাপি গিৰিয়েকে সন্ন্যাসীৰ হুকুম মানিবলৈ পৈ-পৈকে কৈ-যোৱা কথা তাই মনত পেলাই সেইদৰে মৰিশালিৰপৰা মাটি আনিবলৈ গাত লৈ আনি দিলে। দিনৌ এইদৰে সন্ন্যাসীৰ কথামতে তাই মৰিশালিৰ মাটি আনি দি আছিল। এনেতে গিৰিয়েক উভতি আহিল।

 \গধূলি গিৰিয়েকৰ সৈতে সন্ন্যাসীয়ে কথা-বাৰ্ত্তা পাতোঁতে, সন্ন্যাসীয়ে বিশ্বাসে গিৰিয়েকক ক'লে যে তেওঁৰ সৰুজনী ঘৈণীয়েক প্ৰেতিনী। সদায় তাই ৰাতি দুপৰত মৰিশালিলৈ গৈ কাপোৰ-কানি সোলোকাই থৈ নাচি-বাগি তাত মাটি খানি থাকে। সন্ন্যাসীৰ কথা শুনি গিৰিয়েকে অতি আচৰিত মানি সুধিলে, “আপুনি এই কথা সঁচাকৈয়ে কৈছে নে?” সন্ন্যাসীয়ে উত্তৰ দিলে, “বাৰু এতিয়া আপুনি মনে মনে থাকক, আজি ৰাতি দুপৰিত মই আপোনাক দেখুৱাই দিম, আপুনি নিজ চকুৰেই দেখিব।”

 ৰাতি দুপৰৰ আগেয়েই সন্ন্যসীয়ে গৃহস্থক লগত লৈ মৰিশালিৰ এচুকত মনে মনে লুকাই আছিল। এনেতে সৰু ঘৈণীয়েকে আগৰ দৰে তাৰপৰা মাটি খানি লৈ আহিলগৈ; আৰু সেই কাম গিৰিয়েকে নিজ চকুৰেই দেখিলে। গিৰিয়েকে সন্ন্যাসীক ক’লে, “মই তো এই আচৰিত কাণ্ড দেখিলোঁ; সন্ন্যাসীয়ে উত্তৰ দিলে, “এইক কাটি মাৰি পেলাৱাতকৈ এখন নাৱত তুলি এইৰ হাত-ভৰি বান্ধি দি উটাই দিয়া, তাতে তাই লেকাট ভুঞ্জি মৰক। তুমি কাটিলে ৰজাৰ ঘৰৰপৰা জগৰ লাগিব, আৰু