সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুই ৰাজপুত্ৰ

 এক ৰজাৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ দুটা ল'ৰা। সৰুজনীৰ ল'ৰা-ছোৱালী একো নাছিল। ল'ৰা দুটা ওপজাৰ কিছু দিনৰ পিছতে বৰ কুঁৱৰী মৰিলত সিহঁতক ডাঙৰ-দীঘল কৰাৰ ভাৰ সৰু কুঁৱৰীৰ গাত পৰিল। সৰু কুঁৱৰীয়ে ল'ৰা দুটাক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল যদিও পেটে সমন্বিতে সিহঁতক তেওঁ দেখিব নোৱাৰিছিল। সেইদেখি সদায় সিহঁতৰ দায়-জগৰৰ কথা বাপেকক লগাই আছিল।

 এদিন ৰজাই পহু মাৰিবলৈ গ'ল। ল'ৰা দুটিয়ে সেই কথা শুনি “দেউতাই পহু মাৰিবলৈ গৈছে, খাম ঔ খাম” বুলি দেও দি নাচি ফুৰিছিল। কিন্তু দুৰ্কপালৰ গুণে ৰজাই সেইদিনা এটাও পহু মাৰিব নোৱাৰিলে। ৰজাই উভতি আহি সেই কথা ঘৈণীয়েকৰ আগত ক'লত, ঘৈণীয়েকে ক’লে “নেপাবতো আপোনাৰ যিহে খকুৱা ল'ৰা, আপুনি যোৱাৰেপৰা সিহঁতে ‘খাম ঔ! খাম ঔ!’ কৰি আছে! এনেকুৱা আপদীয়া ল'ৰাক খেদাই দিয়া হে উচিত।” পহু নেপাই আৰু ওৰেদিনটোৰ পৰিশ্ৰমৰ ভাগৰত ৰজাৰ মনটো বেয়া লাগি আছিল; সেইবাবে অনেক বেয়া-বেয়াকৈ ঘৈণীয়েকে ল'ৰা দুটাৰ বিৰুদ্ধে লগালত ৰজাই খপ্ কৰে ক’লে, “দিম কাইলৈ সিহঁতক খেদাই।” বাপেকৰ মুখৰ এই কথাষাৰ সৰু ল'ৰাটিয়ে কেনেবাকৈ শুনি তাৰ মনত বৰ বিৰক্তি লাগিল। সি ৰাতিয়েই তাৰ ককায়েকক ক’লে, “ককাইদেউ, দেউতাই মাহীৰ কথা শুনি কাইলৈ আমাক ঘৰৰপৰা খেদাই দিব খুজিছে। আমি যেন ইয়াত কিবা কেলেহুৱা চপনীয়া হে। মই কওঁ, আমি ইয়াত আৰু থকাটো উচিত নহয়; আমাক খেদোৱাৰ আগতেই আমি গুচি যাওঁগৈ আহাঁ৷” ভায়েকৰ কথাতে ককায়েকে হয় দিলত দুয়ো সেই ৰাতিয়েই পলাই গুচি যোৱাকে থিৰ কৰি, ঘোঁৰাশালৰপৰা দুটা ঘোঁৰা লৈ আৰু হাতত দুখন তৰোৱাল লৈ ওলাই গ'ল।