সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
 

ফুৰিছিল ইত্যাদি সকলো কথা শহুৰেকৰ আগত ভাঙি-পাতি ক’লে; আৰু পাতৰৰ জীয়েকে তেওঁক কেনেকৈ সদায় অপমান কৰি আছিল আৰু সেইবাবেহে যে তেওঁ তাইৰ নাক-কাণ কাটিলে এই কথাও ক'লে। এইবোৰ কথা শুনি শহুৰেক ৰজাই জোঁৱায়েকক আনি নিজৰ সিংহাসনত বহুৱাই নিজে নামনিৰ খাটোলাত বহিল। ইয়াৰ পিছত ৰজাই কন্যাদানৰ ভোজ দিবলৈ ন-কুৰি হজুৱাক ন-কুৰি পহু মাৰি আনিবলৈ হাবিলৈ পঠিয়ালে। হজুৱাবোৰে পহু নাপাই, গধূলি উভতি আহি ৰজাৰ জোঁৱায়েকৰ আগত দীঘল দি পৰি ক'লে, “আমাক ৰাখক! আমি পহু নাপালোঁ বুলি ক'লে ৰজাই আমাক কাটিব।” জোঁৱায়েকে হজুৱাহঁতক অভয় দিলত সিঁহত ৰাতি তাতে থাকিল। বিক্ৰমাদিত্য ৰজাৰ পুতেকে সেই ন-কুৰি হজুৱাৰ টিকাত চাব দি সিহতক নিজৰ কৰি ল'লে আৰু পিছদিনা নিজে হাবিলৈ গৈ ন-কুৰি পহু মাৰি আনি শহুৰেকক দি বৰ ভোজ পতাই সকলোকে খুৱালে।

 বিক্ৰমাদিত্য ৰজাৰ পুতেক কিছুমান দিন তাতে থাকি, তাৰ পিছত নিজৰ ঘৰলৈ যাবলৈ ওলাল। শহুৰ-শাহুৱেকক বিদায় লৈ তেওঁ যৌতুকত পোৱা বেটি-বন্দী লা-লগুৱা, দোলা-ঘোঁৰাৰে সৈতে সেই ন-কুৰি হজুৱা লগত লৈ ঢোল, খোল, বায়নে তলৰ মাটি ওপৰকৈ যাবলৈ ধৰিলে। বিক্ৰমাদিত্যৰ পুতেক এইদৰে গৈ নিজৰ ঘৰৰ ওচৰ পালত অলৰ অথৰ বুঢ়ীমাকে ভয় খাই চুচৰি- বাগৰি কোনোমতে গৈ বাৰী-চুকৰ হাবিত সোমালগৈ। পুতেকে ঘৰ পাই মাকক নেদেখি বিচাৰি বাৰী-চুকৰ হাবিত পাই, নিজৰ চিনাকি দি আৰু নিৰ্ভয় দি উলিয়াই আনিলে। ইয়াৰ পিছত তেওঁ নিজৰ ৰাজ্যখন ভালকৈ পাতি লৈ মহাপয়োভৰেৰে ৰাজত্ব কৰিবলৈ ধৰিলে; আৰু তেওঁৰ প্ৰাণ ৰক্ষা কৰা সেই ভোজ ৰজাৰ মন্ত্ৰীকেইজনক মতাই অনাই নিজৰ মন্ত্ৰী পাতি বিষয় -বাসনা দি ৰাখিলে। ভোজ ৰজাৰ জীয়েকক হাৰীটোৰ সৈতে ধৰাই আনি একেটা গাঁততে পুতি মাৰিলে; আৰু আগেয়ে পুখুৰীত থৈ যোৱা ৰূপবোৰ উলিয়াই আনি অকণ্টকা ৰাজ্য ভোগ কৰিবলৈ ধৰিলে।