সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
 

এতিয়ামানে তেওঁ কিজানি ঢুকালেই।” এই কথা শুনি মালতীয়ে তাক বুজনি দি ক’লে, “মোৰ সোণাই, তই বেজাৰ নকৰিবি তোৰ মাৰ মৰিব নোৱাৰে। মই তোৰ মাৰৰ দেহ-লাও তোক দেখুৱাওঁ আহ।” এইবুলি চোৰ-চাঙত তাক তুলি মালতীয়ে জীয়েকৰ দেহ-লাওটো দেখুৱাই ক’লে, “এইটো দেহ- লাওঁ মোৰ, সেইটো মাৰৰ, সৌ কেইটা মোমায়েৰহঁতৰ। বোপাই, এই দেহলাওকেইটা নাকাটিলে আমি কোনো নমৰোঁ। তই মিছাতে কিয় বেজাৰ কৰিছ?” ইয়াৰ আগেয়ে চিলনীৰ বুধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰৰ ভিতৰত লুকাই দা এখন লৈ গৈছিল। সি তৎক্ষণাত সেইখন উলিয়াই লৈ তাৰে ঘেচ্ ঘেচ্ কৰে দেহ লাওকেইটা কাটি পেলালে। কটা মাত্ৰকে ধুপ্ ধুপ্ কৰে ৰাক্ষসবোৰ পৰি মৰিল। ইফালেও ৰজাৰ আগতে আলতী নিজৰ ৰাক্ষসী ৰূপ ধৰি ধুপুৰকৰে পৰি মৰি থাকিল।

 ইয়াৰ পিচত এলাগীৰ কোঁৱৰক বাপেকে উঠি ৰজা পাতি নিজে বহি-ৰজা হৈ সুখেৰে থাকিল।


উনত্ৰিংশ সাধু

ককা-দেউতা।— “বোপাই ঔ, কাইলৈ মই তীৰ্থলৈ যাবলৈ থিৰ কৰিছোঁ। বৰ বুঢ়া হৈ আহিছোঁ, আৰ নো কিমান দিন জীয়াই থাকিম এতেকে কিছুমান দিন আৰু তই সাধু শুনিবলৈ নাপাৱ। ঈশ্বৰে ভালে- কুশলে ওভোতাই আনিলে আকৌ এইদৰে সাধু শুনিবলৈ পাবি; নহ'লে নাই।”

 নাতিল'ৰাই ককাকৰ কথা শুনি বেজাৰ কৰি ক'লে— “ককাদেউতা, ঈশ্বৰে নিশ্চয় তোমাক ভালে-কুশলে আনি আকৌ আমাক দিব। মই ঈশ্বৰৰ চৰণত তোমাৰ ভালৰ অৰ্থে নিতৌ প্ৰাৰ্থনা কৰি থাকিম। আজি কোৱা ককাদেউতা তোমাৰ শেষ সাধুটো।” ককাকে উত্তৰ দিলে— “মোক চুমা এটা দে, আৰু শুন”—