পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ নাতি। ককা। পঞ্চম সাধু ‘ককাদেউতা, কালি মোক ভাল ফাঁকি দিলা। দীঘল সাধু ক’ম বুলি এটা এবেগতীয়া সাধু কৈ বাব সাৰিলা। সাধুটোৰ সমানে যদি মই আজি লেখা-পঢ়া কৰিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন?” “ক’ৰ এইটো অঁকৰা ল'ৰা অ’ সাধুটো সৰু হ'লে হবলা তাৰ বেচও তাকৰ হয়? অকণমান সোণৰ বেচ এখৰাহি লোৰ বেচেৰে সৈতে সমান! বাৰু শুন আজি অলপ বুজন সাধু এটাকে ক’ম।” ৰাক্ষস পণ্ডিত সত্যকালত এক ৰাক্ষস আছিল। সি মানুহৰ বেশ ধৰি “পণ্ডিত” নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলেহি। ৰাক্ষস পণ্ডিতে তাত সকলোৰে ল’ৰা পঢ়ায়, কেৱল বাঁৰী মানুহৰ ল'ৰাহে নপঢ়ায়। সেই নগৰতে আকৌ এজনী বাঁৰীৰ এটি ল’ৰা আছিল। পুতেকক পঢ়াবলৈ বাঁৰীৰ বৰ মন গৈছিল; কিন্তু পণ্ডিতৰ কথা শুনি মন ভোটা হ’ল। মন্ত্ৰীৰে সৈতে বাঁৰী মানুহজনীৰ চিনাকি আছিল। সেই নিমিত্তে বাঁৰীয়ে মন্ত্ৰীৰ ওচৰলৈ গৈ তাইৰ ল'ৰাটো মন্ত্ৰীৰ বুলি পঢ়াশালিত পঢ়ুৱাবলৈ পণ্ডিতক দিবলৈ মন্ত্ৰীক খাটনি ধৰিলে। মন্ত্ৰীয়েও বাঁৰীৰ কথাত লাগি সেই ল’ৰাটো পণ্ডিতৰ হাতত তেওঁৰ নিজৰ পুতেক বুলি পঢ়াবলৈ দিলে। ল’ৰাটিয়ে পণ্ডিতৰ লগতে থাকি লেখা-পঢ়া শিকিবলৈ ধৰিলে। পণ্ডিতে অ’লৈ-ত’লৈ গ'লে তেওঁৰ তন্ত্ৰ-মন্ত্ৰ থকা পেৰাটো, মছা ঘৰ এখোটালিত থৈ ল’ৰাটোক ছুবলৈ হাক দি যায়। এদিন ল'ৰাটোৱে পণ্ডিত আঁতৰি গ’লত সেই পেৰাটোতনো কি আছে মনে মনে মেলি চালে। সি পেৰাটো মেলিলত তাত এটা মানহৰ মূৰ আৰু কিছুমান পুথি-পাঁজি দেখিবলৈ পালে। সেই পুথি কত ৰাক্ষসৰ বিদ্যা অৰ্থাৎ নানান ৰূপ ধৰিব পৰা, মায়া হ’ব পৰা, সৰ্বজান ইত্যাদি বিদ্যা লিখা আছিল। তেতিয়া বাঁৰীৰ