সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩৬

জীয়েকক বিচাৰি নাপাই জীয়েকৰ সখীয়েকক সোধাত সখীয়েকে ক’লে, “শিয়াল-পগলা বুলি পোক-লগা মানুহ এটা বাটত পৰি বাট ভেটি আছিল। মই তাৰ বুকুতে ভৰি দিয়েই গুচি আহিলোঁ, কিন্তু সখী নাহি তাতে তাৰে সৈতে খান্ধ কৰি আছিল। এতিয়াও তাতে থাকিব পায়।” এই কথা শুনি ৰজা তালৈ গৈ তাতো জীয়েকক নাপাই, ৰোহ - ঘৰত চাই তাতে পালে। “তোৰ কি হ'ল? কিয় ৰোহ-ঘৰত পৰি আছ? বুলি ৰজাই জীয়েকক সুধিলত জীয়েকে ক'লে, “দেউতা, আপুনি মোক যদি শিয়াল-পগলালৈ বিয়া দিয়ে, তেহে মই ভাত খাম, ন’হলে নাখাওঁ, নাখাই মৰি যাম।” ৰজাই অনেক বুজাই-বৰাইও জীয়েকৰ মনৰপৰা সেই সঙ্কল্প এৰুৱাব নোৱাৰি শেষত নিৰুপায় হৈ “বাৰু শিয়াল-পগলালৈকে তোক বিয়া দিম, এতিয়া আহ, ভাত খাহি।” বুলিকৈ জীয়েকক মাতি আনিভাত খুৱালেহি। পিছে ৰজাই এই কথা পাত্ৰ-মন্ত্ৰী সভাসদসকলক মাতি আনি ক'লত তেওঁলোকে ক’লে “মহাৰাজে যেতিয়া দিম বুলি সৈ কাঢ়িছে, আইদেওক শিয়াল-পগলালৈ দিবই লাগিব। কিন্তু মহাৰাজে এটা কাম কৰক— চাৰিওফালৰপৰা ৰজাৰ কোঁৱৰসকলক নিমন্ত্ৰণ কৰি আনি স্বয়ম্বৰ পাতি আইদেউক নোৱাই-ধুৱাই শুকুলী হাতীত তুলি তেওঁৰ হাতত মালা দি স্বয়ম্বৰ-সভালৈ পঠিয়াই দিয়ক। তেওঁ যাকে মন যায় তাৰে ডিঙিত মালা দি বৰক, সেয়ে মহাৰাজৰ জীয়েকক পাব। তেওঁ যদি শিয়াল-পগলাৰ ডিঙিতে মালা দিয়ে সিয়েই তেওঁক পাওক, তেতিয়া আৰু স্বৰ্গদেৱৰ গাত প্ৰত্যবায় নাথাকে।

 পাত্ৰ-মন্ত্ৰী সভাসদসকলৰ মন্ত্ৰণা শুনি ৰজাই জীয়েকক নোৱাই- ধুৱাই শুকুলী হাতীত তুলি দি সভালৈ পঠিয়াই দিলে। জীয়েকে সভালৈ আহি কাৰো ডিঙিত মালা নিদি, সভাৰ আগচোতালত পৰি থকা শিয়াল- পগলাৰ ডিঙিত মালা দিলে। এই কথা দেখি সকলোবোৰ ৰজাই ছিঃ ছিঃ কৰি কন্যাৰ বাপেক ৰজাক গৰিহণা দি সভাৰপৰা গুচি গ'ল।

 ইয়াৰ পিছত ৰজাই দূৰত এটা ঘৰ সজাই বন্দী বেটী লগত দি জীয়েক-জোঁৱায়েকক তাতে থৈ দিলে। পাতৰৰ জীয়েকে মাজে মাজে সখীয়েকক চাবলৈ আহি বাহিৰৰপৰা মাতে— “সখী, তোমাৰ সেই