পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ ঠেংটোতে সিহঁতে ধৰি পেলালে। যেতিয়াই সিহঁতে তাৰ ঠেঙত ধৰিলে, পুতেকে বহুত কথা ভাবি-চিন্তি বুঢ়াৰ মূৰটো কাটি লৈ গুচি গ'ল। ৰজাৰ মানুহে ঠেঙত ধৰি বুঢ়াক টানি আনি চাই দেখে, তাৰ মূৰটো নাই, কেৱল গাডোখৰহে আছে। সেইবাবে চোৰটো কোন ঠিক কৰা টান হ’ল। সেই মুহূৰ্ততে ৰজাক সকলো বৃত্তান্ত জনোৱা হ'ল। ৰজাই তেতিয়াই তেওঁৰ কটোৱালহঁতক মাতি আনি পাচিলে যে “তহঁত দিহাদিহি যা, ক’ত মানুহে কান্দে, ক’ত মানুহে খৰি দিয়ে, তাৰ ভূ লহঁক। য’তে মানুহক খৰি দিয়া দেখ বা য’তে মানুহক কন্দা শুন তাৰপৰা সিহঁতক মোৰ গুৰিবলৈ ধৰি আনিবি।” সেই কথা শুনি কটোৱালবোৰ দিহাদিহি গ'ল। ইফালে বৰচোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলো বৃত্তান্ত ক’লে। মাকে সেই কথা শুনি কান্দিবলৈ ৰাউচি ধৰোতেই পুতেকে মাকৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, “আই, এতিয়া মই পিতৃবধী। তুমি যদি চিঞৰি চিঞৰি কান্দা তেনেহ'লে ৰজাৰ মানুহে শুনি লৰি আহিব আৰু মোক নথৈ শাস্তি কৰি মাৰিব। তাকে চাই তুমি যদি কান্দা কান্দা।” সেই কথা শুনি মাকে কোনোমতে কান্দোন সামৰি থাকিল আৰু পুতেকক ক’লে, “বোপাই মোৰ অন্তৰত ইমান বেজাৰ লাগিছে যে যদি মই কিছুমানপৰ নাকান্দো তেন্তে মই থিৰেৰে থাকিবই নোৱাৰোঁ।” পুতেকে মাকক বুজাই ক’লে যে কান্দিবৰ অনেক সময় আছে আৰু যদি কান্দিবই লাগে, দেখা-শুনাকৈ কন্দাই ভাল। এইদৰে দুয়োৰো বেজাৰ দুয়োতে থৈ পিছদিনা পুৱা মাকে এজোৰ গাখীৰ গুড়, একঠামান চকোৱা চাউল লৈ ভাৰখন পাতি, আগতে পুতেকৰ কান্ধত ভাৰখন দি পাছে পাছে ছোৱালী খুজিবলৈ ওলাই যোৱাৰ ছলেৰে যাবলৈ ধৰিলে। এনেতে পুতেক পিচলি পৰিল আৰু গাখীৰ-গুড়ৰ কলহ দুটা ভাগিল। মাকে সেইবাবে পুতেকক মাৰিলে আৰু ইয়াকে চেলু লৈ দুয়ো হুৰাওৱৰাৱে কান্দিবলৈ ধৰিলে। ইফালে ৰজাৰ কটোৱালে কান্দোন শুনি আহি কন্দাৰ কাৰণ সোধাত জানিব পাৰিলে যে কোনো মানুহ মৰাৰ কাৰণে সিহঁতে কন্দা নাই; সিহঁত দুখীয়া মানুহ, গাখীৰ-গুড় ভগাতহে