সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৪৬

গাখীৰ খাই জীয়ে।” বামুণৰ কথা শুনি বুঢ়াই “বাৰু নিয়ক।” বুলি কপিলী গাইজনী তেতিয়াই দি দিয়ে। এই কথাতো সৰু বোৱাৰীয়েকে শুনিবলৈ পাই লৰালৰিকৈ গৰুজনীৰ চকুৰ লোৰে তেওঁৰ ৰিহাৰ আঁচলৰ দহিকটা এডাল তিয়াই সেইডাল ৰিহাৰ আগত বান্ধি থৈ দিলে।

 এইবাৰো পুৰোহিত বামুণে গাইজনী লৈ গৈ মাহেক বাট চাই আছে, কিন্তু বুঢ়াৰ ঘৰত অপায়-অমঙ্গলৰ উম্‌ঘামেই নাই। তেওঁ এনে দেখি চন মুৰ কৰি আকৌ গণকৰ কাষ পালেগৈ। গণকে আকৌ পুথি- পাঁজি মেলিলে, আকৌ ধান এমুঠি লৈ “সইত কৰা ধৰম কৰা” মঙ্গল চাবলৈ লাগিল। কিছুমান পৰ গণি-পঢ়ি গণকে মাত লগালে— “অ’! এটা কথা হ'ল— তুমি বুঢ়াৰ ঘৰৰ পৰা আনিবৰ সময়ত বুঢ়াৰ সৰু বোৱাৰীয়েকে তাইৰ ৰিহাৰ দহিকটা এডাল উলিয়াই সেই গৰুজনীৰ চকুৰ লোৰে সেই দহিকটাডাল তিয়াই ৰিহাৰ আগত বান্ধি থ'লে, সেইদেখি লক্ষ্মী সেই ৰিহাখনতে ৰ'ল। এতিয়া যদি তুমি সেই ৰিহাখন আনিব পাৰা তেনেহ'লে তোমাৰ মনস্কাম সিদ্ধি হ'ব, নতুবা নহয়। এই কথা শুনি বামুণে আকৌ গৈ বুঢ়াক ক'লেগৈ বোলে “মোৰ ছোৱালীজনী সবাহলৈ যাবলৈ ওলাইছে, ভাল ৰিহা নাই দেখি আজি পূৱাৰে পৰা তাই উচুপি উচুপি কান্দিব লাগিছে; আপোনাৰ সৰু বোৱাৰীয়েকৰ গাৰ ৰিহাখন যদি দিয়ে তেন্তে বৰ উপকাৰ হয়, নহ'লে সেই আপদীয়া ছোৱালীজনীয়ে আজি মোৰ সুৰ্তি হেৰুৱাব। এই কথা শুনি তেতিয়াই বুঢ়াই সৰু বোৱাৰীয়েকক কৈ তাইৰ গাৰ ৰিহাখন বামুণক দিয়ালে। সৰু বোৱাৰীয়েকে বামুণৰ টেঙৰালি ভালকৈ বুজিব পাৰি লৰালৰিকৈ সেই দহিকটাডাল খাই থৈ ৰিহাখন বামুণক দিলে।

 এইদৰে আৰু এমাহ গ'ল তথাপি বুঢ়াৰ ঘৰত কোনো নমৰে, কাৰো নৰীয়া-পৰীয়া নহয়। বামুণ নিৰুপায়। এইবাৰ আৰু তেওঁৰ খং উঠিল। খঙত জ্বলি-পকি আকৌ বামুণ লৰি গৈ গণকৰ ঘৰত ওলালগৈ। গণকক দেখিয়ে বামুণে জোক জোক কৰে ধৰিলে, “বুজিছা নে বোলোঁ, তুমি বৰ মিছা কথা কোৱাঁ হেঁ! বাঁহ আনিবলৈ ক'লা বাঁহ আনিলোঁ,