পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মই আছো যেতিয়া তুমি চিন্তা নকৰিবা। তুমি আজি কেইথোকামান কল আৰু কিছুমান আলু, কচু, শেলুক আদি যি পোৱা আনি পথাৰলৈ লৈ গৈ তাত দুহাত তিনিহাত আঁতৰকৈ এটা এটাকৈ পুতি থোৱাগৈ। মই মোৰ গিয়াতিবিলাকক হাবিৰ পৰা মাতি আনি সেইবোৰ খানি-খুচৰি খাবলৈ দেখুৱাই দিম। তেওঁলোকে সেইবোৰ খুচৰি খুচৰি খাওঁতেই আমাৰ মাটি চহ হৈ যাব। তেতিয়া তুমি অনায়াসে তাত ধান ৰুব পাৰিব॥” গাহৰি পুতেকৰ কথামতে বাপেকে কিছুমান আলু, কচু, কল, শেলুক আনি কুৰি পুৰামান মাটিত পুতি থলে। নিশা গাহৰিয়ে গৈ তাৰ গিয়াতিবিলাকক মাতি আনি সেইবোৰ খানি খুচৰি খাবলৈ লগাই দিলে। লাখ-কোটি গাহৰিৰ মাজত কুৰি পুৰা মাটি নো কি? চাওঁতে চাওঁতেই গোটেইখন চহ হৈ ধূলিয়ৰি হৈ পৰিল। ইয়াৰ পিছত সেই মাটিত গাহৰিৰ বাপেকে ধান ৰুই দিলে। ধান উভৈনদী হৈ গ'ল। কিন্তু দেৱতাসকলে শাঁখিনা-শাঁখিনীৰ পৰা পূজাপাতল খাবলৈ নাপাই সিহঁতক দেখিব নোৱাৰা হৈছিল। সেইদেখি তেওঁলোকৰ হিংসা লাগি সেইবোৰ নষ্ট কৰিবলৈ ফিকিৰ পাতি এপাল কাকতী-ফৰিং পঠিয়াবলৈ থিৰ কৰিলে। ফেঁচাই এই কথা শুনি বাপেকক কৈ দিলেহি, “পিতাই আমাৰ খেতি নষ্ট কৰিবৰ মনেৰে দেৱতাসকলে লাখ-কোটি ফৰিং পঠিয়াবলৈ থিৰ কৰিছে।” বাপেকে সুধিলে, “পা:ে ইয়াৰ নো উপায় কি হ’ব?” ফেঁচাই ক’লে, “উপায় আছে। আপুনি কিছুমান কাঠখৰি কাটি আনি আমাৰ ধাননিৰ চাৰিওফালে একোটাকৈ মেজি সাজি থৈ দিয়ক। যেতিয়াই ফৰিংবোৰ ধাননিত পৰিবলৈ আহিব, তেতিয়াই আপুনি সেই মেজিবোৰত জুই লগাই দিব; আৰু ফৰিংবোৰে জুই দেখি লৰি গৈ তাত জপিয়াই পৰি মৰি জাহ যাব।” ফেঁচাই কোৱামতেই বাপেকে কৰি ফৰিঙৰ হাতৰপৰা ধানবোৰ ৰক্ষা কৰিলে; আৰু শাঁখিনাৰ বুধি দেখি দেৱতাসকলৰ মুখ ক'লা পৰিল। দেৱতাসকল ভেঁাঁটা হৈ তেওঁলোকৰ খং উঠিল। তেওঁলোকে শাও দিলে যে শাঁখিলা শাঁখিনীৰ ধানৰ ডাঙৰিটোৱে পতি ভগাদোনৰ এদোন মাথোন ধান সৰিব। ফেঁচাই দেৱতাসকলৰ শাওপাতটো শুনি সেই কথা বাপেকৰ আগত গৈ দিলেহি। বাপেকে