সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
 

গোসাঁনীৰ ওচৰত থকা অমৃতৰ কলহৰপৰা অমৃত আনি আমাৰ মুখত দিবা, আমি তেতিয়া আমাৰ পূৰ্বৰ দেহা পাম।” ইয়াৰ পাছত সৰু কোৱৰ জিভা লহ লহ কৰি থকা কালী মূৰ্তিৰ মন্দিৰত সোমাল। এনেতে সন্যাসী ওলালহি আৰু অকস্মাৎ এটা সুন্দৰ ৰাজকোঁৱৰক তেওঁ তেওঁৰ ঘৰত দেখি মনত বৰ ৰং পালে। তেতিয়া কোঁৱৰে সন্যাসীক সুধিলে যে তেওঁৰ ককায়েক কলৈ গ'ল? সন্যাসীয়ে তেওঁক গোসাঁনীৰ আগত বলি দিয়াৰ কথা নকৈ “বহু দূৰৈ বাটলৈ গৈছে, দুদিনমানৰ পাছত আহি পাবহি” বুলি ক'লে। তাৰ পাছত সন্যাসীয়ে কোঁৱৰক ক'লে, “কোঁৱৰ, তুমি এই ঠাইলৈ আহিলা যেতিয়া গোসাঁনীক সেৱা নকৰাকৈ যাব নেপায়। তোমাৰ মঙ্গলৰ অৰ্থে এই কালী গোসাঁনীৰ আগত এবাৰ প্ৰণাম কৰা।” তাতে কোঁৱৰে ক'লে, “মই ৰজাৰ ল'ৰা, প্ৰণাম কৰিব নেজানো।” “বাৰু চোৱা, এইদৰে কৰিবা” বুলি সন্যাসীয়ে গোসাঁনীৰ আগত প্ৰণাম কৰি দেখুৱাওঁতেই কোঁৱৰে হাতত খড়গ তুলি লৈ গাৰ বলেৰে সন্যাসীৰ ডিঙিত খাপ্ মাৰি দিলে। বিকট চিঞৰ মাৰি ৰাক্ষস সন্যাসী মৰি থাকিল।

 ইয়াৰ পিছত কোঁৱৰে কলহৰ অমৃত আনি সকলোটি কটা মূৰৰমুখত অলপ অলপ দিলত এটাইবিলাক ৰজাৰ ল'ৰাই পূৰ্বৰ দেহা পালে।

 সেই ৰাক্ষসৰ এজনী ভনীয়েক আছিল। ৰাক্ষস মৰাৰ সময়ত তাই অমঙ্গল দেখি লৰি আহিল। কোঁৱৰে শত্ৰু ভাবি তাইকো কাটিবলৈ ধৰিছিল, পাছে ভাই ক'লে, “কোঁৱৰ, মোক নেকাটিবা, মোৰ ককাইক মৰাৰ নিমিত্তে মই তোমাৰ একো প্ৰতিশোধ নলও বৰং এটা উপকাৰহে কৰিম।” এটাইবিলাক কোঁৱৰে সৰু কোঁৱৰক ধন্যবাদ দি নিজ নিজ ঘৰলৈ গ'ল। সৰু কোৱৰ আৰু ৰাক্ষসী দুয়ো এটা পৰ্বতৰ ওচৰলৈ গ'ল। তাতে এটা ডাঙৰ শিল ৰাক্ষসনীয়ে গুচাই দিয়াত বৰ সুৰঙ্গ এটা ওলাল। সেই সুৰঙ্গইদি দুয়ো নামি গ'ল। তাত এখন সুন্দৰ নগৰ কোঁৱৰে দেখিবলৈ পালে। সেই নগৰৰ ভিতৰলৈ কোঁৱৰ আৰু ৰাক্ষসী দুয়ো সোমাই গৈ মানুহ-দুনুহ একোকে দেখা নেপাই এটা ভাল ঘৰৰ ভিতৰলৈ গ'ল। তেওঁলোকে তাত এখন অতি মনোৰম শয্যাত এজনী সুন্দৰী ছোৱালী বহি থকা দেখিলে, ওচৰত কেৱেই নাই। এই কন্যাজনী এক ৰজাৰ জীয়াৰী।